spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeব্ৰেকিং নিউজ‘লাভাৰ বয়’ চুলবুল পাণ্ডে-সিংঘমৰ অজয়ৰ পৰা আহিছে যুটীয়া বাৰ্তা, কি আছে এই...

‘লাভাৰ বয়’ চুলবুল পাণ্ডে-সিংঘমৰ অজয়ৰ পৰা আহিছে যুটীয়া বাৰ্তা, কি আছে এই বাৰ্তাত?

নতুন দিল্লীঃ কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই ৰোমান্টিক ‘লাভাৰ বয়’ হিচাপে অভিনয় কৰি আহিছে চুলবুল পাণ্ডে-ই। দীৰ্ঘদিন ধৰি এই পৰিচয়কে বুকুত কঢি়য়াই ফুৰিছে চুলবুল পাণ্ডে খ্যাত ছলমান খানে। ২০০৯ত এইজন ‘লাভাৰবয়’কে এটা নতুন গেটেপত দেখা গৈছিল। সেইবৰ্ষত মুক্তি পোৱা ‘ৱান্টেড’ ছবিখনে ছলমানৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। বলীউডত একচন চিনেমাত আৰক্ষীৰ ৰূপত নতুন অৱতাৰ ধাৰণ কৰিছিল ভাইজানে। এয়াই যি আৰম্ভণি। তাৰ পাছত আৰু বহুতো একচন ছবিত অভিনয় কৰিছে ছলমানে। কিন্তু আৰক্ষীৰ চৰিত্ৰৰ প্ৰতি দুৰ্বলতাই খেদি ফুৰিছিল তেওঁক। এই আপাহতে ‘ডাবাং’ নামৰ এখন চলচ্চিত্ৰও তেওঁৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা হৈছিল।

ছবিখনত ‘চুলবুল পাণ্ডে’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে। কৌতুক-একচনৰ মিশ্ৰণেৰে পৰিপূৰ্ণ বহুল সমাদৃত এই চৰিত্ৰটোৱে দৰ্শকৰ হৃদয়ত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ‘চুলবুল পাণ্ডে’ৰ প্ৰেমত পৰাৰ পাছত ছলমানে ইতিমধ্যে ‘দাবাং’ৰ তিনিটা ছিকুৱেল নিৰ্মাণ কৰিছে। ইফালে পৰিচালক ৰোহিত চেট্টীয়ে এখন পুলিচ একচন চিনেমা নিৰ্মাণ কৰিবলৈ যুটি বান্ধিছে। তেওঁৰ প্ৰিয় পুলিচ চৰিত্ৰৰ তালিকাত আছে ‘চুলবুল পাণ্ডে’ আৰু অজয় দেৱগন অভিনীত ‘সিংঘম’ ।


ৰোহিত চেট্টীয়ে দুয়োজনৰ সংমিশ্ৰণত আন এটা নতুন কেমিঅ’ৰ জন্ম দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰস্তাৱটো ছলমানৰ ওচৰলৈ লৈ গৈছিল ৰোহিতে। বলীউড ভাইজানে ৰোহিতৰ প্ৰস্তাৱৰ প্ৰতি আগবঢ়াইছে পূৰ্ণ সমৰ্থন।ভৱিষ্যতে তেওঁৰ পুলিচ একচন চিনেমাত অভিনয় কৰিব বুলি ছনমান খানে ৰোহিত চেট্টীক আশ্বাস দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইফালে, ৰোহিত বৰ্তমান তেওঁৰ শেহতীয়া পুলিচ একচন ছবি ‘সূৰ্যবংশী’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। ছবিখনত আৰক্ষী চৰিত্ৰত দেখিবলৈ পোৱা যাৱ অক্ষয় কুমাৰক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular