Google search engine
30 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিকভালুকৰ সাঙীত পৰিণত ৩৩ কোটিটকীয়া আঁচনি: ১২বছৰে নহ’ল সম্পূৰ্ণ

ভালুকৰ সাঙীত পৰিণত ৩৩ কোটিটকীয়া আঁচনি: ১২বছৰে নহ’ল সম্পূৰ্ণ

মঙলদৈ : মঙলদৈত ভালুকৰ সাঙীত পৰিণত ৩৩ কোটিটকীয়া জলসিঞ্চন আঁচনি৷ পথৰুঘাটৰ চমতীয়াপাৰাৰ প্ৰকল্পটি এতিয়াও অসম্পূৰ্ণ ৰূপতে আছে৷ ১২বছৰে সম্পূৰ্ণ নহ’ল পানীযোগানৰ প্ৰকল্পটি৷ অসাৰ হৈ ৰ’ল কেইবাজনো জলসিঞ্চন মন্ত্ৰীৰ আশ্বাস৷ স্থানীয় ৰাইজৰ অভিযোগ যে, ১০ শতাংশ কাম কৰি ধন আদায় ঠিকাদাৰৰ৷

জলসিঞ্চন বিভাগে ননৈৰ ওপৰত এটি বান্ধ নিৰ্মাণ কৰি খেতি-পথাৰত পানীযোগানৰ আঁচনি যুগুত কৰিছিল এই প্ৰকল্পৰ জৰিয়তে৷ বিগত ২০০৮-২০০৯ বিত্তীয় বৰ্ষত আৰম্ভ হৈছিল এই জলসিঞ্চন প্ৰকল্প৷ ১২ বছৰতো সম্পূৰ্ণ নহ’ল এই প্ৰকল্পৰ কাম৷ সেই সময়ৰ জলসিঞ্চন মন্ত্ৰী নুৰজামাল সৰকাৰ, ৰঞ্জিত দত্ত আৰু শেহতীয়াকৈ ভৱেশ কলিতাই পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্য পুনৰ কৰাৰ আশ্বাস দিছিল৷ দুজনকৈ ঠিকাদাৰ সলনি হ’ল কিন্তু দহ শতাংশ কাম কৰি সিংহভাগ ধন মোকলাই লৈ গ’ল ঠিকাদাৰে৷ এটা পুখুৰীসদৃশ আৰু কেইটুকুৰা মান লোহা নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ চিনস্বৰূপে আছে বৰ্তমান৷ কি কাৰণত আজিও ৩৩ কোটিটকীয়া জলসিঞ্চন প্ৰকল্পটো সম্পূৰ্ণ নহ’ল বিভাগ আৰু ঠিকাদাৰ ওপৰত এক তদন্ত বিচাৰিছে ৰাইজে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
30 ° C
30 °
30 °
79 %
0kmh
75 %
Tue
30 °
Wed
32 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular