spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকউদণ্ড প্ৰেমিকৰ উদ্ভণ্ডালী: ছেলফিকলৈ আপত্তি কৰাৰ বাবে আক্ৰমণ ছাত্ৰীক

উদণ্ড প্ৰেমিকৰ উদ্ভণ্ডালী: ছেলফিকলৈ আপত্তি কৰাৰ বাবে আক্ৰমণ ছাত্ৰীক

ডিজিটেল ডেস্ক: তেজপুৰত উদণ্ড প্ৰেমিকৰ উদ্ভণ্ডালী। বিদ্যালয়ৰ ভিতৰতে শিক্ষক সহ কেইবা গৰাকীও ছাত্ৰীক আক্ৰমণ কৰে প্ৰেমিকজনে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে।

প্ৰেমত মছগুল হৈ গৰৈমাৰীৰ দীপাংকৰ বৰুৱা নামৰ প্ৰেমিক গৰাকীয়ে বিদ্যালয়খনৰে এগৰাকী ছাত্ৰী লগত বিদ্যালয়ৰ ইউনিফৰ্মত পদুম পুখুৰীৰ পাৰত ছেলফি উঠি আছিল। এই দৃষ্টিকটু দৃশ্য প্ৰত্যক্ষ কৰি কন্যা বিদ্যালয়খনৰ সাধাৰণ সম্পাদিকা সহ একাংশ ছাত্ৰীয়ে আপত্তি কৰে৷

ফলত উদণ্ড প্ৰেমিক দীপাংকৰে আক্ৰমণ কৰে সাধাৰণ সম্পাদিকা সহ কেইবাগৰাকীও ছাত্ৰীক। আক্ৰমণৰ ফলত গুৰুত্বভাৱে আহত হয় ছাত্ৰীকেইগৰাকী৷ গুৰুত্বভাৱে আহত দুগৰাকী ছাত্ৰীক চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে উদণ্ড প্ৰেমিক দীপাংকৰক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular