spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকবিধায়ক ৰূপজ্যোতিয়ে 'অসুৰ' হৈ কিয় ভাল পায় !

বিধায়ক ৰূপজ্যোতিয়ে ‘অসুৰ’ হৈ কিয় ভাল পায় !

ডিজিটেল ডেস্ক : কালকেতুৰ পাছত এইবাৰ অঘাসুৰৰ ৰূপত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ ৰাজনীতিৰ ক্ষেত্ৰত জড়িত হৈ পৰা বিজেপিৰ চৰ্চিত বিধায়কগৰাকী পুনৰ অভিনেতাৰ ৰূপত৷ ‘ধনু’ হিচাপে মৰিয়নিবাসীৰ মাজত বেছ জনপ্ৰিয় বিধায়কগৰাকীয়ে ৰাস উৎসৱত অসুৰৰ ৰূপ ধৰি দৰ্শকক আমোদ দিয়াৰ চেষ্টা চলায়৷

ভিন্ন সময়ত ভিন্ন অৱতাৰ গ্ৰহণ কৰি অহা ৰূপজ্যোতি কুৰ্মীয়ে গৰ্গমুনি কালকেতুৰ পাছত এইবাৰ দেখা গ’ল অসুৰৰ ৰূপত। মৰিয়নিৰ চেলেংহাট পদুমণিত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণ ৰাস উৎসৱত অঘাসুৰৰ ভাৱত দেখা গ’ল ৰূপজ্যোতিক। ইপিনে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সুযোগ-সুবিধা পালে নিজৰ দাড়ি কাটিও প্ৰভু শ্ৰীকৃষ্ণ বা বিষ্ণুৰ অৱতাৰত লৈ অভিনয় কৰাৰো ইচ্ছা প্ৰকাশ কৰে।

আনহাতে, নিজৰ স্বামীৰ অসুৰৰ ভাওঁ চাবলৈ অধিক আগ্ৰহেৰে দৰ্শকৰ শাৰীত বহি থকা দেখিবলৈ পোৱা গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নীকো৷ স্বামীৰ অসুৰৰ ভাওঁ চাই আনন্দিত বুলি জানিব দিয়ে৷ পুহমহীয়া ঠাণ্ডাটো ৰূপজোতিৰ অভিনয় চাবলৈ বহুসংখ্যক দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হ’ল ৰাসস্থলীত। ইপিনে বিধায়কগৰাকীৰ ভিন্ন অৱতাৰে সমষ্টিবাসীৰ মাজত আমোদৰো সৃষ্টি কৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular