spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআন্তঃৰাষ্ট্ৰীয়৬ ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি

৬ ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি

ডিজিটেল ডেস্ক : ক’ভিড কালৰ কিছু শাম কটাৰ পাছতে ভাৰতলৈ অহাৰ পৰিকল্পনা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি৷ অহা ৬ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন৷

ভাৰত ভ্ৰমণৰ এই সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োৰাষ্ট্ৰৰ বৈঠকত মিলিত হ’ব৷ দুয়োখন ৰাষ্ট্ৰৰ মাজত দিপাক্ষিক সন্মিলনৰ সম্পৰ্কে আলোচনা কৰাৰ উপৰি কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্কেও আলোচনাত মিলিত হ’ব৷ ইয়াৰ উপৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী সাৰ্গেই লাভৰভ আৰু প্ৰতিক্ষা মন্ত্ৰী সাৰ্গেই ছইগোয়ে ৬ ডিচেম্বৰত দুই দেশৰ ২+২মন্ত্ৰী পৰ্যায়ৰ বৈঠকত মিলিত হ’ব৷

ইয়াৰ উপৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ’ব ৰাছিয়া এই মন্ত্ৰীদ্বয়৷ ৰাছিয়ান ৰাষ্ট্ৰপতি আৰু মোদীৰ মাজৰ বৈঠকে প্ৰতিৰক্ষা, বাণিজ্য আৰু শক্তি বিভাগটো সুদৃঢ় কৰিব বুলি ধাৰণা কৰা হৈছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular