শচীন পাইলটৰ বিদ্ৰোহত কঁপিছে গেহলটৰ চৰকাৰ : আজি ৰাজস্থানত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

জয়পুৰ : পতন হোৱাৰ দিশে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰ৷ শচীন পাইলটৰ বিদ্ৰোহত কঁপিছে অশোক গেহলটৰ চৰকাৰ৷ আজি ৰাজস্থানত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক আৰম্ভ হ’ব৷ অৱশ্যে বৈঠকত অংশ নলয় শচীন পাইলট আৰু তেওঁৰ সমৰ্থকে৷

আৰু পঢ়িব পাৰিব : নগা আৰক্ষীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে অসমৰ যুৱকক

শেহতীয়া তথ্য অনুসৰি ১০৯জন বিধায়কৰ সমৰ্থন থকা বুলি দাবী মুখ্যমন্ত্ৰী গেহলটৰ৷ শচীন পাইলটৰ লগত প্ৰায় ৩০জন বিধায়ক আৰু ভালেকেইগৰাকী নিৰ্দলীয় বিধায়ক আছে ৷ তেওঁলোকে যিকোনো সিদ্ধান্ততে পাইলটক সংগ দিবলৈ সাজু হৈছে ৷

আৰু পঢ়িব পাৰিব কাজিৰঙাত টাইম কাৰ্ডৰ ব্যৱস্থা : নিয়ম উলংঘাকাৰীক জৰিমনা

আজি বৈঠকত অংশ নল’লে ব্যৱস্থা লোৱাৰ হুংকাৰ৷ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি আছে আৰু জ্যেষ্ঠ নেতা অজয় মাকেন আৰু ৰণদ্বীপ সিং সূৰ্যেৱালাক জয়পুৰলৈ পঠিয়াইছে ৷

Show More

Related Articles

Back to top button