শচীন পাইলটৰ ঘৰ ৱাপচী, ৰাজস্থানত সংকট আঁতৰিল কংগ্ৰেছৰ!

নতুন দিল্লী : বিদ্ৰোহী বিধায়কসকলৰ সৈতে ঘৰ বাপচী ঘটিল ৰাজস্থানৰ অপসাৰিত উপ-মুখ্যমন্ত্ৰী তথা প্ৰভাৱশালী কংগ্ৰেছ নেতা শচীন পাইলটৰ। কালি দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতে শচীন পাইলটে দলৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি যোৱাৰ কথা প্ৰকাশ কৰে। তেওঁ কেৱল আদৰ্শগত কাৰণতহে অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও দলীয় নেতৃত্বৰ সঁহাৰিয়ে তেওঁক আশ্বস্ত কৰা বুলি ইংগিত দিয়ে।

আৰু পঢ়িব পাৰিব: উত্তৰপ্ৰদেশত প্ৰাতঃভ্ৰমণৰ সময়তে গুলীয়াই হত্যা বিজেপি নেতাক

কালি বিদ্ৰোহী নেতাজনে গান্ধী নেতৃ্ত্বৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হৈছিল। য’ত ছোনিয়া, ৰাহুলৰ লগতে প্ৰিয়ংকা গান্ধীও উপস্থিত আছিল। এই বৈঠকৰ পাছতে কংগ্ৰেছে তিনিজনীয়া কমিটী গঠনেৰে ৰাজস্থানৰ সংকট নিলসনৰ পদক্ষেপ হাতত লৈছে। এই কমিটীৰ অন্যতম সদস্য হৈছে প্ৰিয়ংকা গান্ধী।

আৰু পঢ়িব পাৰিব: এন বীৰেন সিং সুৰক্ষিত : আস্থাৰ ভোটত বিজয়ী মণিপুৰৰ বিজেপি চৰকাৰ

উল্লেখ্য যে, কালি মাজনিশা টুইটযোগে পাইলটে প্ৰকাশ কৰে যে, ‘দলত কিছুমান সমস্যা আছিল যিবোৰ প্ৰকাশ কৰাৰ প্ৰয়োজন আছিল আৰু মই তাকে কৰিছিলোঁ। প্ৰথমৰে পৰাই এই সকলো কথা আদৰ্শগত বুলি কৈ আহিছিলোঁ আৰু দলৰ স্বাৰ্থতে এই কথাবোৰ উত্থাপন কৰাটো জৰুৰী বুলি বিবেচনা কৰিছিলোঁ।’ তেওঁ টুইটযোগে ছোনিয়া, ৰাহুল, প্ৰিয়ংকা গান্ধী তথা দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। অৱশ্যে দলৰ মূলসুঁতিত চামিল হ’লেও শচীন পাইলটে উপ-মুখ্যমন্ত্ৰী আৰু ৰাজস্থান কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰে নে নাই সেইকথা স্পষ্ট হোৱা নাই।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES