spot_img
26 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকছাইবৰৰ সম্পত্তি : হাতীগাঁও এছবিআইত কি পালে ভিজিলেন্সে?

ছাইবৰৰ সম্পত্তি : হাতীগাঁও এছবিআইত কি পালে ভিজিলেন্সে?

গুৱাহাটী : ধনকুবৰে ছাইবৰ ৰহমানৰ সম্পত্তি বিচাৰি ধাৰাবাহিক অভিযান চলাই আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত থকা ছাইবৰৰ সম্পত্তিৰ তালিকা প্ৰস্তুত কৰি কৰি পাৰ পোৱা নাই তদন্তকাৰীয়ে। আজিও ছাইবৰ ৰহমানৰ প্ৰথম পত্নী দেৱান শেহনাজ খাতুনক লগত লৈ এছবিআইৰ হাতীগাঁও শাখাত তদন্ত কৰে মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দলে।

ছাইবৰৰ সম্পত্তি তথা লুণ্ঠনৰ সম্পূৰ্ণ তথ্য এতিয়াও উদ্ধাৰ কৰা সম্ভৱ নোহোৱাৰ বাবেই আৰক্ষীয়ে তিনিমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰাৰ ক্ষেত্ৰতো অনিশ্চয়তাৰ সৃষ্টি হৈছে। ছাইবৰৰ বিশাল সম্পাত্তিৰ তালিকা আৰু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। ইফালে আজি ছাইবৰৰ লকাৰৰ পৰা একোৱেই উদ্ধাৰ কৰিব নোৱাৰিলে ভিজিলেন্সে। হাতীগাঁওৰ SBI শাখাত অভিযান চলাই নিৰাশ হ’ল তদন্তকাৰীৰ দল। এবছৰ পূৰ্বে পত্নীয়ে এই লকাৰটো খুলিছিল

যদিও তাত একো উদ্ধাৰ নহ’ল। উল্লেখ্য যে, প্ৰায় ৫০টা বীমা, ২৪ টা বেংক একাউন্ট আছে ছাইবৰ ৰহমানৰ নামত। এতিয়াও বিভিন্ন চৰকাৰী বিভাগৰ পৰা সময়মতে নথি-পত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অভিযানকাৰী দলে তদন্তৰ গতি বৃদ্ধি কৰিব পৰা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
75 %
Mon
34 °
Tue
32 °
Wed
30 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular