spot_img
28 C
Guwahati
Saturday, September 18, 2021
spot_img
Homeআঞ্চলিকধনকুবেৰ ছইবৰ ৰহমানৰ অট্টালিকাত ভিজিলেন্সৰ তালাচী

ধনকুবেৰ ছইবৰ ৰহমানৰ অট্টালিকাত ভিজিলেন্সৰ তালাচী

গুৱাহাটী : কালি গ্ৰেপ্তাৰ হোৱা অসম প্ৰশাসনিক সেৱাৰ বিষয়া তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব ছইবৰ ৰহমানৰ হাতীগাঁৱৰ বাসগৃহত ভিজিলেন্সে আজি অভিযান চলায়৷ ছইবৰৰ সম্পত্তিৰ তালিকাই স্তম্ভিত কৰিছে সকলোকে৷ আয়তকৈ অত্যধিক সম্পত্তিৰ ৰখাৰ বাবে দুৰ্নীতি সম্ৰাট ছইবৰ বাসগৃহত অভিযান চলে৷ বিশাল সম্পত্তিৰ গৰাকী ছইবৰৰ হাঁতীগাৱৰ মেহেৰবান পথত আছে প্ৰাসাদোপম অট্টালিকা।

বেলতলাটো আছে এটা এপাৰ্টমেন্ট। অসমৰ ৮৯টা স্থানত আছে ঘৰ-সম্পত্তি, গুৱাহাটীৰ ২৮টা স্থানত আছে ঘৰ মাটি। দুটা স্থানত প্ৰাসাদোপম অট্টালিকাৰ লগতে ২৬টা স্থানত আছে মাটি। প্ৰায় ১০০ কোটিৰো অধিক টকাৰ সম্পত্তিৰ গৰাকী ছইবুৰ ৰহমান। ছইবুৰৰ পত্নী মিনাক্ষী ৰহমানে এআইইউডিএফৰ পৰা টিকট লৈ নিৰ্বাচন খেলিছিল আৰু নিৰ্বাচনত প্ৰায় ৯ কোটি টকা ব্যয় কৰাৰ অভিযোগ উত্থাপন হৈছে।

ডিমা হাচাওত আৰ এইচ খানৰ সৈতে লগ হৈ অভিযুক্ত বিষয়াজনে বহু টকা আত্মসাৎ কৰিছিল বুলি প্ৰকাশ পাইছে৷ ছইবুৰৰ দুগৰাকী পত্নী, ককায়েক, ভায়েকৰ নামত আছে নামে-বেনামে অগাধ সম্পত্তি৷ এই সকলোতে তদাৰকী কোষে অভিযান চলাব বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষক ৰজী কলিতাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular