দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত দলৰ পৰা বহিষ্কাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা

নতুন দিল্লী : দেশৰ ৰাজনীতিত কংগ্ৰেছ দলৰ উত্থান-পতনৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সঞ্জয় ঝাক দল বিৰোধী কাৰ্যকলাপ আৰু দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হয়। উল্লেখ্য যে, বিগত মাহত দলৰ মুখপাত্ৰ পদৰ পৰাও সঞ্জয় ঝাক অপসাৰণ কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : দীৰ্ঘ লক্ডাউনেও ৰুধিব পৰা নাই কৰ’নাৰ দ্ৰুত সংক্ৰমণ : হটস্পটত গোলাঘাটৰ কাৰাগাৰ

কংগ্ৰেছ দলে উল্লেখ কৰা মতে “দল বিৰোধী কাৰ্যকলাপ আৰু দলীয় অনুশাসন ভংগৰ অপৰাধত সঞ্জয় ঝাক কংগ্ৰেছ দলৰ পৰা শীৰ্ঘে কাৰ্যকৰী হোৱাকৈ বহিষ্কাৰ কৰা হয়৷” কিছুদিন পূৰ্বে ঝাই ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটক যোৱা পাঁচ বছৰ ধৰি ৰাজস্থানত কৰি থকা কষ্টৰ বাবে তেওঁক প্ৰশংসা কৰিছিল।

আৰু পঢ়িব পাৰিব অপসাৰিত শচীন পাইলট : কি হ’ব ৰাজস্থানৰ কংগ্ৰেছৰ ভৱিষ্যৎ?

১৪ জুলাইত অশোক গেহলট চৰকাৰে শচীন পাইলটক ৰাজস্থানৰ উপ-মুখ্য মন্ত্ৰী পদৰ লগতে ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰাও অপসাৰণ কৰিছিল।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES