Google search engine
26 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকসোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ অন্তিম অধিৱেশনত বিজেপিৰ জয়গান

সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ অন্তিম অধিৱেশনত বিজেপিৰ জয়গান

গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন৷ অন্তিম দিনাৰ অধিৱেশন অনুষ্ঠিত হয় বিধানসভাৰ নতুন ভৱনত। আজি পোনতে বিধানসভাৰ নতুন ভৱন মুকলি কৰে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ এইখন আছিল অন্তিম অধিৱেশন৷ আজি অন্তিম দিনাৰ কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণ বিতৰ্কত বক্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷

আৰু পঢ়িব পাৰিব :ঘূৰাই দিয়া হ’ব জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা!

চৰকাৰৰ সফলতাৰ কথা প্ৰকাশ কৰি তেওঁ কয়, ‘কালি এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ উল্লেখেৰে চৰকাৰক সমালোচনা কৰা হৈছিল৷ মই প্ৰশ্নকাকত ফাদিল হোৱাৰ ১৫ মিনিটৰ ভিতৰত পৰীক্ষা বন্ধ কৰিছিলোঁ৷ তদন্তৰ নিৰ্দেশ দিছিলোঁ৷’ কম সময়ৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰা বুলিও তেওঁ মন্তব্য কৰে৷

আৰু পঢ়িব পাৰিব :‘কৃষি আইনৰ জৰিয়তে ৪০শতাংশ লোকৰ ব্যৱসায় দুজন মানুহলৈ যাব’

সদনত মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ জয়গান কৰি কয় যে, বিজেপিৰ প্ৰধান লক্ষ্য হৈছে বৰাক-ব্ৰহ্মপুত্ৰত সমন্বয়ৰ সৃষ্টি কৰা৷ স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷ ‘কৃষি খণ্ডত নিয়োজিত হোৱাৰ বাবে উচ্চ শিক্ষিতসকল আগুৱাই আহিছে৷ বিশ্ব বিনিয়োগ সন্মিলন আয়োজনত আমি সফল হৈছোঁ৷ ভাৰত-বাংলাদেশ সীমান্তৰ ৪৮ কিলোমিটাৰত ছেনছৰ স্থাপন কৰা হৈছে’ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
98 %
1.2kmh
100 %
Tue
26 °
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular