spot_img
27 C
Guwahati
27 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকমাজুলীত আউট,কাশ্মীৰত সোণোৱালৰ ষ্ট্ৰেইট ড্ৰাইভ

মাজুলীত আউট,কাশ্মীৰত সোণোৱালৰ ষ্ট্ৰেইট ড্ৰাইভ

ডিজিটেল ডেস্কঃ কাৰণ যিয়েই নহওঁ‌ক,অসমৰ মুখ্যমন্ত্ৰী পদত দ্বিতীয়বাৰৰ বাবে বহাৰ সুযোগ লাভ নকৰিলে সৰ্বানন্দ সোণোৱালে। মাজুলী এৰি তেওঁ গ’লগৈ দিল্লী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘গুড বুক’ত নাম থকা ‘অসমৰ হীৰা’ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হ’ল।এতিয়া সোণোৱাল বন্দৰ,জাহাজ আৰু জল পৰিৱহণ বিভাগৰ লগতে আয়ুষৰো কেন্দ্ৰীয় মন্ত্ৰী।

Image credit : Twitter (Sarbananda Sonowal)

সেইসূত্ৰেই মাজুলীৰ পৰা ‘আউট’ হোৱাৰ পিছতে দেশৰ চুকে কোণে ‘ইন’ হৈ পৰিছে সোণোৱাল।আজি তেওঁক দেখা গ’ল কাশ্মীৰৰ বাৰামুল্লাত। ছ’চিয়েল মিডিয়াত বাৰামুল্লাত ক্ৰিকেট খেলি থকা অৱস্থাৰ আলোকচিত্ৰ শ্বেয়াৰ কৰি সোণোৱালে লিখে, ‘খেলৰ প্ৰতি, বিশেষকৈ ক্ৰিকেটৰ প্ৰতি থকা অনুৰাগে আমাক সকলোকে ভ্ৰাতৃত্ব আৰু চেনেহৰ বান্ধোনেৰে বান্ধে’।

উল্লেখ্য যে কাইলৈ সোণোৱালে দেশৰেই প্ৰথমখন উনানী ঔষধ আৰু অস্ত্ৰোপচাৰ বিভাগৰ প্ৰথমটো বেটছ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব জম্মু-কাশ্মীৰত।সেইসূত্ৰে আজিয়ে গৈ বাৰামুল্লাত উপস্থিত হৈছে সোণোৱাল। যি নহওঁ‌ক, মাজুলীৰ পৰা আউট হ’লেও বাৰামুল্লাৰ ক্ৰিকেট পিটছত সোণোৱালৰ ষ্ট্ৰেইট ড্ৰাইভে তেওঁৰ শুভাকাংক্ষী মহলক আনন্দ দিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular