Google search engine
31 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকদৰঙৰ কৃষি বিভাগত পুনৰ কেলেংকাৰিঃ বিষয়াৰ জ্ঞাতে চলিছে সাৰৰ ছিণ্ডিকেট

দৰঙৰ কৃষি বিভাগত পুনৰ কেলেংকাৰিঃ বিষয়াৰ জ্ঞাতে চলিছে সাৰৰ ছিণ্ডিকেট

মঙলদৈঃ কৃষি বিভাগত সংঘটিত হোৱা কেলেংকাৰিসমূহে জোকাৰিছে সমগ্ৰ ৰাজ্য। এইবাৰ দৰঙত সংঘটিত হৈছে চৰকাৰী সাৰৰ বৃহৎ কেলেংকাৰি। প্ৰতি কিঃগ্ৰাঃত ৬টকা মূল্যত চৰকাৰী ইউৰীয়া সাৰ কৃষকে লাভ কৰিব লাগে, তাৰ বিপৰীতে দৰঙৰ কৃষকে এতিয়া ক’লা বজাৰত সাৰ ১২-১৫ টকা মূল্যত কিনিবলৈ বাধ্য হৈছে।

দৰঙৰ সাতখন পাইকাৰী সাৰ বিক্ৰী কেন্দ্ৰই নিৰ্ধাৰণ কৰি আছে চৰকাৰী সাৰৰ মূল্য, খুচুৰা দোকানীয়ে অধিক দামত কিনিব লাগে বুলি অভিযোগ উত্থাপন কৰিছে খুচুৰা বিক্ৰেতাসকলে। এই সন্দৰ্ভত মঙলদৈ কৃষি বিভাগে নেদেখা কুলিৰ ভাওঁ ধৰিছে বুলিও অভিযোগ উত্থাপন হৈছে! সম্পূৰ্ণ জিলা কৃষি বিভাগৰ বিষয়াগৰাকীৰ জ্ঞাতে চলিছে এই চৰকাৰী সাৰৰ ক’লা ব্যৱসায়! সেয়ে নিৰ্ভয়ে বিক্ৰী কৰিছে অধিক দামত চৰকাৰী লাইচেন্স থকা-নথকা অধিকাংশ ব্যৱসায়ীয়ে। কৃষকসকলক এনে মাধমাৰে কোঙা কৰাৰ ফলত ক্ষোভিত হৈছে কৃষকসকল। আৰু এই সন্দৰ্ভত এক তদন্ত বিচাৰিছে সাধাৰণ ৰাইজে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
74 %
2.6kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular