spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকবৰ্খাস্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য : পলাতক পঞ্জীয়ক-উপ-পঞ্জীয়ক

বৰ্খাস্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য : পলাতক পঞ্জীয়ক-উপ-পঞ্জীয়ক

ডিব্ৰুগড় : পৰ্বতসম কেলেংকাৰীৰ খলনায়ক ডিব্ৰুগড় বিশ্ববিদ্যালয় নিলম্বিত উপাচাৰ্য ড০ ৰঞ্জিত তামুলী অৱশেষত বৰ্খাস্ত হ’ল। সোমবাৰে উপাচাৰ্য তামূলীৰ অপসাৰণ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই।

উল্লেখ্য যে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ৰাজ্যপালক এই কেলেংকাৰীৰ অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছতে ১১ ফেব্ৰুৱাৰীত নিলম্বিত হৈছিল ড০ তামূলী। চাকৰিৰ পৰা অপসাৰণ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঋতুপৰ্ণ বৰুৱাই যে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিমা সনা উপাচাৰ্য্যৰ এই দুৰ্নীতিৰ বিৰুদ্ধে সন্মানীয় ৰাজ্যপালে উচিত সিদ্ধান্ত গ্ৰহণ কৰিছে৷

উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য অপসাৰিত উপাচাৰ্যই বিশ্ববিদ্যালয়ৰ প্ৰায় ৫ কোটি টকীয়া বিত্তীয় কেলেংকাৰী সংঘটিত কৰিছিল। সোমবাৰে অৰ্থাৎ ২২ নবেম্বৰত ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশ অনুসৰি চাকৰিৰ পৰা অপসাৰন কৰে। বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ লগতে কৰ্মচাৰী সন্থায়ো উচ্চ পৰ্যায়ৰ তদন্ত কমিটীক দাখিল কৰিছিল অভিযোগ। বৰ্তমানো পলাতক হৈ আছে আন দুই অভিযুক্ত পঞ্জীয়ক ড০ হৰিশ চন্দ্ৰ মহন্ত আৰু উপ পঞ্চীয়ক দিগন্ত বৰা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular