জলপানিৰ প্ৰপত্ৰ পূৰণৰ বাবে গৈছিল যুৱতী, কিন্তু কি হ’ল লখিমপুৰত?

লক্ষ্ণৌ : অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে যোগী আদিত্যনাথৰ উত্তৰপ্ৰদেশ। মঙলবাৰে এগৰাকী ১৭বছৰীয়া যুৱতীৰ ক্ষত-বিক্ষত মৃতদেহ ৰাজ্যখনৰ লখিমপুৰ খেৰিত উদ্ধাৰ হোৱাৰ পাছতে সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱতীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে। যুৱতীগৰাকীক ডিঙি ৰেপি হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব: ট্ৰাক চালকৰ নৃশংস হত্যা : বহিঃৰাজ্যত গ্ৰেপ্তাৰ হ’ল অপৰাধী

গাঁওখনৰপৰা ২০০ মিটাৰ আঁতৰৰ এটা পানী নথকা পুখুৰীত যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে। খেৰিৰ আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ কুমাৰে কয়, ‘মৰোনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যুৱতীগৰাকীক বলাৎকাৰ কৰাটো প্ৰমাণ হৈছে। আমি এই ঘটনাৰ সৈতে জড়িতক গ্ৰেপ্তাৰ কৰাৰ বাবে সম্ভৱপৰ সকলো চেষ্টা চলাই গৈছোঁ। আশা কৰিছোঁ শীঘ্ৰেই উল্লেখযোগ্য সাফল্য লাভ কৰিবলৈ সক্ষম হ’ম।’

আৰু পঢ়িব পাৰিব: নীট, জেইই পৰীক্ষা : কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা

যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে, যুৱতীগৰাকীয়ে সোমবাৰে পুৱাই ঘৰৰ পৰা সমীপৰে চহৰখনলৈ এখন জলপানিৰ প্ৰপত্ৰ পূৰণৰ বাবে গৈছিল কিন্তু তেওঁ ঘূৰি নাহিল। আৰু তাৰ পাছতে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। যোৱা ১০ দিনত লখিমপুৰত সংঘটিত হোৱা এয়া দ্বিতীয়টো বলাৎকাৰ-হত্যাৰ ঘটনা। যোৱা ১৫ আগষ্টত এগাৰকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ-হত্যা কৰি কুহিয়াৰৰ খেতিপথাৰত পেলাই থৈছিল দুৰ্বৃত্তই।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES