spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকডেৰ বছৰৰ বিৰতিৰ অন্তঃত আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান; আদালত

ডেৰ বছৰৰ বিৰতিৰ অন্তঃত আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান; আদালত

গুৱাহাটী : বহু শংকা আৰু আনন্দৰ মাজত প্ৰায় ডেৰ বছৰৰ মূৰত আজিৰে পৰা আৰম্ভ হ’ব শিক্ষানুষ্ঠানত পাঠদান৷ উচ্চতমৰ মাধ্যমিকৰ পৰা চুড়ান্ত বৰ্ষলৈ হ’ব এই পাঠদান৷ দুসপ্তাহ পাছত আৰম্ভ হ’‍ব পাৰে হাইস্কুলৰো পাঠদান৷ পৰিস্থিতি নিৰীক্ষণ কৰি প্ৰশাসনে ব্যৱস্থা ল’ব বুলি সদৰী কৰে৷ মহাবিদ্যালয়মসূহৰ কৰ্তৃপক্ষই ভেকচিন লোৱা ছাত্র-ছাত্ৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে। মহাবিদ্যালয়ৰ শ্ৰেণী কোঠা সমূহ সম্পূৰ্ণ চেনিটাইজ কৰা হৈছে ৷

মহাবিদ্যালয়ৰ প্ৰৱেশ পথত ছাত্ৰ ছাত্ৰী সকলক হেণ্ড চেনিটাইজ কৰোৱাৰ ব্যৱস্থাও কৰিছে ৷ সমান্তৰালভাৱে গুৱাহাটীৰ উচ্চ ন্যায়ালয়কে ধৰি ৰাজ্যৰ সকলো আদালতে ভাৰ্ছুৱেল ব্যৱস্থাৰ পৰিবৰ্তে প্ৰতক্ষ্যভাৱে কাম-কাজ আৰম্ভ কৰিব৷

কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ আছিল বিদ্যালয়কে ধৰি ন্য়ায়ালয়ো৷ আজি পৰা আকৌ পূৰ্বৰ দৰে কাম-কাজ সম্পন্ন হ’ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে৷ বহু দিনৰ বিৰতীৰ মূৰত নিজৰ মহাবিদ্যালয়লৈ যাৱলৈ পায় আনন্দ প্ৰকাশ কৰে শিক্ষাৰ্থীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
28 ° C
28 °
28 °
83 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular