spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকসংক্ৰমণ অব্যাহত শিৱসাগৰত! পৰীক্ষাৰ পূৰ্বেই কৰ’নাক্ৰান্ত ২২ শিক্ষাৰ্থী

সংক্ৰমণ অব্যাহত শিৱসাগৰত! পৰীক্ষাৰ পূৰ্বেই কৰ’নাক্ৰান্ত ২২ শিক্ষাৰ্থী

ডিজিটেল ডেস্কঃ ক’ভিডে পুনৰ শংকাৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত৷ বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হোৱাৰ পাছৰেপৰা ধৰা পৰিছে ইটোৰ পাছত সিটোকৈ সংক্ৰমণৰ ঘটনা৷ শিক্ষানুষ্ঠানত ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ কথা পোহৰলৈ অহাৰেপৰা অভিভাৱকৰ মাজত শংকাৰ সৃষ্টি হৈছে৷ শিৱসাগৰৰ নামতিৰ দিকচু অঞ্চলৰ ‘দিকচু উচ্চ মাধ্যমিক বিদ্যালয়’ত বৃহস্পতিবাৰে দুগৰাকীকৈ শিক্ষকৰ দেহতো ক’ভিডৰ উপস্থিতিয়ে দেখা দিয়াৰ পাছতে আজি পুনৰ ২২ গৰাকী ছাত্র-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

‘কালুগাঁও স্বাস্থ্য উপ-কেন্দ্ৰ’ৰ দ্বাৰা আজি বিদ্যালয়খনত দশম শ্ৰেণীৰ ৯২ গৰাকী ছাত্র-ছাত্ৰীৰ ক’ভিড পৰীক্ষা কৰা হয়। ইতিমধ্যে, ৪০ গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে ২২গৰাকী ছাত্র-ছাত্ৰীৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে বুলি আমাৰ হাতলৈ খবৰ আহিছে।

ইয়াৰ উপৰি নামতিৰ আন কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দেহত ক’ভিড সংক্ৰমণ হোৱা বুলি তথ্যলাভ কৰা গৈছে। বিদ্যালয়খনত শনিবাৰৰপৰা ছমহীয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এনে ভয়াৱহ পৰিস্থিতিত বিদ্যালয় কৰ্তৃপক্ষ বিমোৰত পৰিছে। বৰ্তমানেও ক’ভিড পৰীক্ষা চলি আছে যাদিও মহামাৰীৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular