spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeৰাষ্ট্ৰীয়প্ৰাতঃভ্ৰমণলৈ গৈ আৰু ঘূৰি নাহিল! ৰাজপথতে চাৰিগৰাকী মহিলাৰ কৰুণ মৃত্যু

প্ৰাতঃভ্ৰমণলৈ গৈ আৰু ঘূৰি নাহিল! ৰাজপথতে চাৰিগৰাকী মহিলাৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটিত কৰুণ মৃত্যুক সাৱটে চাৰিগৰাকীকৈ মহিলাই। প্ৰাতঃভ্ৰমণলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা মহিলা চাৰিগৰাকী আৰু ঘৰলৈ ঘূৰি নাহিল।

ৰাজপথত চাৰিও মহিলাকে এখন বাহনে মহতীয়াই নিয়ে। যাৰ ফলত থিতাতে নিহয় হয় মহিলাকেইগৰাকী। এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হৈছে বিহাৰৰ আৰা জিলাত। মহিলাকেইগৰাকীক এখন স্ক’ৰপিঅ’ বাহনে মহতিয়াই নিয়ে।

দুৰ্ঘটনাস্থলীত অনেক লোকৰ ভিৰ

আৰু পঢ়কঃ ক্লাছত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ কোৱাত শিক্ষকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ ছাত্ৰৰ

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি বাহনখনৰ গতিবেগ অতি তীব্ৰ আছিল। প্ৰাতঃভ্ৰমণলৈ অহা মহিলাগৰাকীক খুন্দিয়াই অলপো নৰখোৱাকৈ বাহনসহ চালকে পলায়ন কৰে। ৰাজপথত চাৰিটাকৈ মহিলাৰ মৃতদেহ দেখি হুৱা-দুৱা লগায় উপস্থিত লোকে। কোনোৱে আৰক্ষীক লগে লগে খবৰ দিয়ে।খবৰ পোৱা মাত্ৰকেই আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত নামি পৰিছে বিহাৰ আৰক্ষী। দুৰ্ঘটনাটোৰ খবৰে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular