spot_img
23 C
Guwahati
23 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকচাঞ্চল্যকৰ! পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ

চাঞ্চল্যকৰ! পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা। পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা কৰে বিকাশ মৰাণে। ১০ জানুৱাৰীৰ নিশা ১১.৩০ মান বজাত সংঘটিত হয় এই আত্মহত্যাৰ ঘটনা। তিনিচুকীয়া জিলাৰ মাকুমৰ নিজ বাসগৃহত নিজৰ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় সাংবাদিকগৰাকীয়ে৷ এই ঘটনাই হতচকিত কৰি তুলিছে তিনিচুকীয়াৰ লগতে ৰাজ্যৰ সংবাদ মহলক৷

বিকাশ মৰাণে ব্যৱহাৰ কৰা পিষ্টলটো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে৷ বিকাশ মৰাণৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷ কিহৰ বাবে সাংবাদিকগৰাকীয়ে এই পন্থা বাচি ল’লে সেয়া বৰ্তমান ৰহস্যৰ আঁৰত।

আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব ঘটনাৰ ৰহস্য। মৃত্যুৰ সময়ত মাতৃ, পত্নীসহ দুই কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান এৰি থৈ গৈছে সাংবাদিক বিকাশ মৰাণে। এই ঘটনাই সমগ্ৰ তিনিচুকীয়াতে পেলাইছে গভীৰ শোকৰ ছাঁ।

আৰু পঢ়কঃ শৈশৱৰ পৰা মৃত্যু পৰ্যন্ত লগ নেৰিলে চাৰি বন্ধুৱে! চাৰি বন্ধুৰ জীৱনৰ অন্তিম ছেলফী ভাইৰেল

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular