spot_img
22 C
Guwahati
22 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকস্বগৃহলৈ উভতিল আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা, বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন...

স্বগৃহলৈ উভতিল আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা, বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ

ডিজিটেল ডেস্ক : সুদীৰ্ঘ ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উৱন গাঁৱলৈ উভতিল আলফা শীৰ্ষ নেতা জীৱন মৰাণ। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ সংগ্ৰামী সতীৰ্থ মেজৰ জেনেৰেল জীৱন মৰাণে বিগত বৰ্ষতে ৰোগাক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি ম্যানমাৰৰ শিবিৰৰ পৰা ওলাই আহিছিল।

ম্যানমাৰত চলি থকা সামৰিক অভ্যুত্থানৰ জটিলতাৰ হেতুকে চিকিৎসা কৰিব নোৱাৰি শিবিৰ ত্যাগ কৰিবলগীয়া হৈছিল বুলি মন্তব্য প্ৰকাশ কৰে নেতাজনে। তেওঁ কেইবাটাও গোচৰত অভিযুক্ত হৈ যোৱা বিগত কেইবামাহো কাৰাবাস খাটি অৱশেষত কালি জামিন লাভ কৰি নিজগৃহলৈ উভতে আলফা প্ৰাক্তন নেতাজনে। কালি নিশাটো ৰূপাইস্থিত বাসগৃহত থাকি আজি কাকপথাৰৰ উৱন গাঁৱৰ ওপজা গাঁৱলৈ যাত্ৰা আৰম্ভ কৰে জীৱন মৰাণে। ইফালে, মূলসুঁতিলৈ উভতি অহা আলফা নেতাজনে নিজ বাসগৃহতে প্ৰথমবাৰৰ বাবে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৩৪ বছৰীয়া সংগ্ৰামৰ বিষয়টো আঁতৰাই চলি আগন্তুক সময়ত স্থিতি স্পষ্ট কৰি শান্তি আলোচনাৰো পোষকতা কৰাৰ ইংগিত দিয়ে আলফা জ্যেষ্ঠ নেতাজনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular