spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকমূৰত মৰিয়াই হত্যা আণ্টিমাক, কিটছেনত লুকুৱাই থৈছিল মৃতদেহ… পোহৰলৈ আহিছে দেৱযানীৰ ভয়াৱহ...

মূৰত মৰিয়াই হত্যা আণ্টিমাক, কিটছেনত লুকুৱাই থৈছিল মৃতদেহ… পোহৰলৈ আহিছে দেৱযানীৰ ভয়াৱহ নৃশংসতা

ডিজিটেল ডেস্ক : এক নৃশংস, পৰিকল্পিত হত্যাকাণ্ড। মহানগৰীৰ বৰাগাঁৱত সংঘটিত এই শিহৰণকাৰী হত্যাকাণ্ডই এতিয়া ৰাজ্যজুৰি জোকাৰণি তুলিছে। আশ্বৰ্যকৰভাৱে এই হত্যাকাণ্ড সংঘটিত কৰিছিল এগৰাকী মহিলাই। এক প্ৰচণ্ড আৰু প্ৰতিহিংসাৰ পৰিণতিতে যেন সংঘটিত হৈছিল এই পাশৱিক ঘটনা। ভুক্তভোগী মহিলাগৰাকীক মূৰত গধুৰ আহিলাৰে আঘাত কৰি হত্যা কৰাৰ পাছত ঘাতক মহিলাগৰাকীয় সেই মৃতদেহ লুকুৱাই থৈছিল কিটচেনৰ কেবিনেটত। তাৰ পাছত একো যেন হোৱাই নাই তেনে ভাবত সেই পাকঘৰতে ৰন্ধা-বঢ়াও কৰিছিল। কোনো ক্ৰাইম থ্ৰিলাৰ বা টিভিৰ ক্ৰাইম ধাৰাবাহিকৰ দৰেই হত্যাকাৰী মহিলাগৰাকীয়ে ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল। এনে শীতল মস্তিষ্ক আৰু পৰিকল্পনাৰে হত্যাকাণ্ড সংঘটিত কৰি আৰু তাৰ পৰৱৰ্তী সকলো ঘটনা চিনেমাৰ কাহিনীৰ দৰে ৰূপায়ণ কৰাটোৱে হত্যাকাৰী মহিলাগৰাকী কিমান ভয়াৱহ সেইকথা প্ৰতিপন্ন কৰিছে।


অশেষ চেষ্টাৰ পাছতো পিছে সেই ঘাতক মহিলাগৰাকী সাৰি যাব নোৱাৰিলে। আণ্টিমা গুপ্তা নামৰ মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰা দেৱযানী দাস নামৰ ঘাতক জালত পৰিল মহানগৰ আৰক্ষীৰ। শুকুৰবাবে পাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত আণ্টিমা গুপ্তাৰ মৃতদেহটো উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। তাৰ আগদিনাৰ পৰাই সন্ধানহীন হৈ আছিল অণ্টিমা গুপ্তা। আণ্টিমা গুপ্তাৰ স্বামী সন্তোষ গুপ্তাই একো উৱাদিহ পোৱা নাছিল ঘটনাৰ। দীৰ্ঘসময় পত্নীক বিচাৰ-খোচাৰ কৰি একো সন্ধান নোপোৱাত তেওঁ ভাৰাতীয়া হিচাপে থকা দেৱযানী দাসকো সুধিছিল পত্নীৰ কথা। কিন্তু তেওঁ এই বিষয়ে একো নাজানো বুলি প্ৰকাশ কৰিছিল। ঘটনাক অন্য ৰূপ দিবলৈ তথা আৰক্ষীৰ তদন্তক বিপথে পৰিচালিত কৰিবলৈ হত্যাকাৰী দেৱযানীয়ে আণ্টিমাৰ মোবাইলৰ পৰা তেওঁৰ স্বামীলৈ ধন দাবী কৰি দিছিল হোৱাটছএপ মেছেজ। আণ্টিমাক অপহৰণ কৰা বুলি দাবী কৰি দিয়া হৈছিল মেছেজ। সেই মেছেজৰ আঁত ধৰিয়েই আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান। কিন্তু তদন্ত আৰম্ভ কৰিয়েই তেওঁলোকে গোন্ধ পাইছিল ষড়যন্ত্ৰৰ। গুপ্তাৰ ঘৰ আৰু ভাৰাঘৰত তালাচী চলাই আৰক্ষীয়ে শুকুৰবাৰে উদ্ধাৰ কৰিছিল আণ্টিমাৰ মৃতদেহ। কালিয়েই আটক হৈছিল দেৱযানী দাস। তাৰ পাছত আৰক্ষীৰ জেৰাত তেওঁ দিয়ে হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা।


পশ্চিম গুৱাহাটী আৰক্ষী জিলা উপ আয়ুক্ত নৱনীত মহন্তই দেৱজানীৰ স্বীকাৰোক্তিৰ বৰ্ণনা দি কয়, ‘তেওঁ আমাৰ জেৰাত হত্যাৰ কথা স্বীকাৰ কৰিছে। মূৰত লোৰ গধুৰ আহিলাৰে আঘাত কৰি তেওঁ হত্যা কৰিছিল মহিলাগৰাকীক। তাৰ পাছত ঘৰতে থকা প্লাষ্টিকৰ শ্বিটেৰে মেৰিয়াই মৃতদেহটো পাকঘৰৰ কেবিনেটৰ ভিতৰত ভৰাই ৰাখিছিল। তেজ লগা ঘৰ আৰু কাপোৰ-কানি চফা কৰি তেওঁ অতি স্বাভাৱিক অৱস্থাত থকাৰ অভিনয় কৰি গৈছিল আৰু আনকি মৃতদেহ লুকুৱাই থোৱা পাকঘৰতে ৰন্ধা-বঢ়া কৰিছিল বুলি স্বীকাৰ কৰিছে। পাছত তেওঁ ঘটনাটোক অপহৰণৰ ৰূপ দিবলৈ চেষ্টা কৰে। আমাৰ তদন্ত অনুসৰি তেওঁ অকলেই এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ইয়াৰ আঁৰত অবৈধ সম্পৰ্কৰ দৰে কথা থকা বুলিও আমি সন্দেহ কৰিছোঁ। ইতিমধ্যে হত্যাকাণ্ড সংঘটিত কৰা অস্ত্ৰ আৰু লুকুৱাই থোৱা অৱস্থাৰ পৰা আণ্টিমা গুপ্তাৰ মোবাইল ফোন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। হত্যাকাণ্ডৰ সময়ত তেওঁৰ স্বামী ঘৰত নাছিল। দিনৰ প্ৰায় ১১.৩০বজাত হত্যাকাণ্ড সংঘটিত কৰি তেওঁ অকলেই মৃতদেহ লুকুৱাই ৰাখিছিল।’
হত্যাকাৰী দেৱযানীৰ এই শিহৰণকাৰী স্বীকাৰোক্তিয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।আনহাতে, সাংবাদিকে বাৰম্বাৰ প্ৰশ্ন কৰাৰ পাছতো মুখ নুখুলিলে হত্যাকাৰী দেৱযানী দাসে। আৰক্ষীয়ে লৈ যোৱা অৱস্থাত দেৱযানীৰ কোলাত এটা কনমানি সন্তানো দেখা পোৱা গৈছিল। কিমান শীতল মস্তিস্কৰে এই হত্যাকাণ্ড আৰু তাৰ পৰৱৰ্তী ক্ৰাইম ছিনবোৰ দেৱযানীয়ে ৰূপায়ন কৰিছিল সেই কথা ভাবিলে আচৰিত নহৈ নোৱাৰি। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰীক আদালতত হাজিৰ কৰোঁৱায় আৰু আদালতে তেওঁক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ পঠিয়াইছে। এই হত্যাকাণ্ডৰ আঁৰৰ আৰু বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে যদিও দেৱযানীৰ এই ভয়ংকৰ অপৰাধে মানুহৰ নৃশংসতা আৰু নিৰাপত্তাহীনতাৰ দিশটোক যেন নগ্ন ৰূপত উদঙাই দিছে। এই হত্যাকাণ্ডৰ সৈতে আণ্টিমা গুপ্তাৰ স্বামী সন্তোষৰ সম্পৰ্ক থকাৰ কোনো প্ৰমাণ এতিয়ালৈ আৰক্ষীয়ে লাভ কৰা নাই যদিও বিভিন্ন দিশ সামৰি আৰক্ষীৰ তদন্ত চলি থাকিব বুলি জানিব পৰা গৈছে। অবৈধ সম্পৰ্ক বা পৰকীয়া প্ৰেম, প্ৰতিশোধ, প্ৰতিহিংসা, জিংঘাসা, উত্তেজনাৰ বাবে সৃষ্টি হোৱা এনে ভয়াৱহ ঘটনা সমাজৰ বাবে এতিয়া উদ্বেগৰ কাৰণ হৈ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular