spot_img
31 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়ৱাশ্বিংটন ডিচিত ট্ৰাম্প সমৰ্থকৰ প্ৰতিবাদৰ গুঞ্জন...

ৱাশ্বিংটন ডিচিত ট্ৰাম্প সমৰ্থকৰ প্ৰতিবাদৰ গুঞ্জন…

ৱাশ্বিংটনঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে আমেৰিকাৰ ৰাজধানীত পুনৰ একত্ৰিত হোৱাৰ কথা ঘোষণা কৰিছে। ৱাশ্বিংটন ডিচিত ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এক সমদলত ‘জাষ্টিছ ফ’ৰ ৬ জানুৱাৰী’ হিচাপে নামাকৰণ কৰা হৈছে। সমদলটোক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, ট্ৰাম্পৰ সমৰ্থকসকলে বিগত বৰ্ষৰ ৬ জানুৱাৰীত কেপিটল হিলত আক্ৰমণ কৰিছিল।

কেপিটল হিলত সংঘটিত আক্ৰমণৰ সন্দৰ্ভত এতিয়ালৈকে ৫০০ ৰো অধিক লোকক চিনাক্ত আৰু তদন্ত কৰা হৈছে। তেওঁলোকৰ বহুতকে অপৰাধ আইনৰ অধীনত আদালতত অভিযুক্তও কৰা হৈছে। শেহতীয়াকৈ ট্ৰাম্পৰ সমৰ্থকসকলে মুখ্যতঃ অভিযুক্তসকলক সমৰ্থনৰ উদ্দেশ্যে বিশাল সমাৱেশৰ আয়োজন কৰিছে। ট্ৰাম্প পন্থী ‘প্ৰাউড বয়জ’ নামৰ শ্বেতাংগ উগ্ৰবাদী সংগঠনসমূহকে ধৰি আন একাংশই ১৮ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সমদলটো সাফল্যমণ্ডিত কৰিবলৈ অনলাইনযোগে প্ৰচাৰ কাৰ্য চলাই আছে। আনহাতে, ট্ৰাম্প বিৰোধী ‘ব্লেক লাইভছ মেটাৰ’কে ধৰি আন কিছুমান উদাৰবাদী সংগঠনে একেদিনাই ৱাশ্বিংটন ডিচিত এক বিশাল ৰেলী অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰিছে। সম্প্ৰতি প্ৰতিবাদী সমদল ঘোষণাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত এক প্ৰকাৰৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31.4 °
31 °
66 %
2.1kmh
40 %
Sun
34 °
Mon
35 °
Tue
32 °
Wed
29 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular