‘সেৱা সপ্তাহ’ : জিএমচিএইচত বিশেষ অনুষ্ঠান, স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ এক অনুষ্ঠান। বেংগালুৰু, কলকাতাৰ সমান্তৰালভাৱে গুৱাহাটীটো অনুষ্ঠিত হয় স্বাস্থ্য অভিযানৰ অনুষ্ঠান। এই অনুষ্ঠানত মুঠ ৭০টা শিশুক প্ৰদান কৰিব হৃদ ৰোগৰ চিকিৎসা আৰু ‘ব’ন মেৰু’ । এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীয়ুষ হাজৰিকা আদি।

আৰু পঢ়িব পাৰিব: গোলাঘাটত অবৈধ অস্ত্ৰৰ ঘাটি! গ্ৰেপ্তাৰ অস্ত্ৰধাৰী দুৰ্বৃত্ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সেৱা সপ্তাহৰ অংশ এই হিচাপে আয়োজন কৰা হৈছিল এই অনুষ্ঠান। ‘স্নেহস্পৰ্শ’ আঁচনিৰ অন্তৰ্গত ৬টি শিশুক বোন মেৰু সংৰোপন কৰা হ’ল এই কাৰ্যসূচীৰ জৰিয়তে। ইয়াৰ ভিতৰত ২০টা বেংগালুৰু, ১৫টা কলকাতা আৰু গুৱাহাটীৰ ৩৫টা শিশুৰ বিভিন্ন ৰোগৰ অস্ত্ৰোপচাৰ কৰা হ’ব।

আৰু পঢ়িব পাৰিব: ‘নিয়া’ৰ জালত ৯ আল-কায়দা সন্ত্ৰাসবাদী, পাকিস্তানৰপৰা চলিছিল প্ৰশিক্ষণ

তদুপৰি কিডনী, লিভাৰৰ ৰোগত আক্ৰান্ত যিসকল শিশুৱে ধনৰ অভাৱত চিকিৎসা লাভ কৰা নাই তেওঁলোকক ১০অক্টোবৰত জিএমচিএইচলৈ আহিবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীয়ে। CSD আঁচনিৰ অধীনত ৮৫২জনক ৩ মাহৰ ভিতৰত বেংগালুৰু আৰু কলকাতালৈ অস্ত্ৰোপচাৰৰ বাবে পঠোৱা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES