spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeৰাষ্ট্ৰীয়সমাজসেৱিকাৰ দেহ ব্যৱসায়! ৪ যুৱতীকে ধৰি ১০জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

সমাজসেৱিকাৰ দেহ ব্যৱসায়! ৪ যুৱতীকে ধৰি ১০জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডিজিটেল ডেস্কঃ নিজকে সমাজসেৱিকা বুলি পৰিচয় দিয়া এগৰাকী মহিলাক দেহ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে উৎখাত কৰিছে এক বৃহৎ দেহ ব্যৱসায় চক্ৰ। চিটি বাছ ষ্টেণ্ডৰ ওচৰৰ এটা ঘৰত দীৰ্ঘদিন ধৰি চলি আছিল যৌনতাৰ বেপাৰ। আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় সেই ঘৰটোত। যাৰ ফলত আৰক্ষীৰ জালত পৰে ৪গৰাকী যুৱতী,৩জন গ্ৰাহক,এজন চালক,এজন কণ্ডাক্টৰ আৰু এগৰাকী মহিলা মেনেজাৰকে ধৰি ১০জনকৈ লোক।

সমাজসেৱিকা বুলি পৰিচয় দিয়া অনুপমা তিৱাৰীৰ কংলকিত কাহিনী

আৰক্ষীয়ে দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চক্ৰটোৰ বিষয়ে তথ্য লাভ কৰি আহিছিল। নিজকে এগৰাকী সমাজসেৱিকা বুলি পৰিচয় দিয়া অনুপমা তিৱাৰী নামৰ মহিলাগৰাকীৰ ঘৰতে আৰক্ষীৰ জালত পৰে দেহ ব্যৱসায় চক্ৰটো। বহুতো ভিআইপিৰ সৈতে ফেচবুকত ফটো শ্বেয়াৰ কৰে অনুপমাই। এবাৰ অনুপমা তিৱাৰীয়ে শিৱসেনাৰ পৰা পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল য’ত তেওঁ বেয়াকৈ পৰাজিত হৈছিল। শিৱসেনা দলৰ নেত্ৰী বুলিও পৰিচিত অনুপমা তিৱাৰী।

আৰু পঢ়কঃ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৪টিকৈ নৱজাত শিশুৰ কৰুণ মৃত্যু

দেহ ব্যৱসায় চক্ৰটোৰ সৈতে আৰু বহুতো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত বৰ্তমান অনুসন্ধান চলাই আছে য’ত ভিন্ন গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। ঘৰটোৰ পৰা ২৮,৭১০ টকাও জব্দ কৰিছে আৰক্ষীয়ে। ১০গৰাকীৰে বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা কৰিছে আৰক্ষীয়ে। তদন্তত আৰু কেইবাজনো লোক জালত পৰাৰ সম্ভাৱনা। আৰক্ষীয়ে অনুপমা তিৱাৰীৰ গাড়ীখনো জব্দ কৰিছে। এই ঘটনা মধ্যপ্ৰদেশৰ ভূপালৰ চেহোৰ চহৰৰ। তথাকথিত সমাজসেৱিকাৰ কংলকিত কাহিনী পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ চেহোৰ চহৰত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular