অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অভিনেত্ৰীৰ

মুম্বাই : এইবাৰ বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছে এগৰাকী অভিনেত্ৰীয়ে। অভিনেত্ৰী পায়েল ঘোষে টুইটযোগে অনুৰাগৰ বিৰুদ্ধে ভালেমান গুৰুতৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে ৰীতিমতেই এই অভিযোগক অস্বীকাৰ কৰিছে প্ৰখ্যাত পৰিচালকজনে। পায়েলে টুইটাৰত অভিযোগ কৰে যে, অনুৰাগ কাশ্যপে তেওঁক লাইব্ৰেৰীলৈ নি জোৰকৈ কিছুমান আপত্তিজনক ভিডিঅ’ দেখুৱাইছিল। অনুৰাগৰ বিৰুদ্ধে পায়েলে গোচৰ তৰাৰ কথাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব: ‘কৃষকৰ মৃত্যু পৰোৱানা’ : ৰাজ্যসভাত কৃষি বিধেয়ক উত্থাপন

‘মী টু’ আন্দোলনৰ সময়তো তেওঁ অনুৰূপ অভিযোগ উত্থাপন কৰিছিল যদিও পিছত সেই টুইট ডিলিট কৰে। অভিনেত্ৰীগাৰকীয়ে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰাও বিচাৰিছে সহায়। এজন সৃজনীশীল লোকৰ আঁৰত লুকাই থকা ‘ৰাক্ষস’জনক বাহিৰলৈ উলিয়াই অনাত সহায় কৰিবলৈ তেওঁ মোদীক আহ্বান জনায়। নিজৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আশংকা প্ৰকাশ কৰিও তেওঁ প্ৰধানমন্ত্ৰীৰ পৰা সহায় বিচাৰে।

আৰু পঢ়িব পাৰিব: দলীয় নেতৃত্বৰে সংঘাত : এইবাৰ টিকট নাপায় প্ৰফুল্ল কুমাৰ মহন্তই!

ইফালে টুইটযোগে এই অভিযোগক ভিত্তিহীন আখ্যা দিছে অনুৰাগ কাশ্যপে। তেওঁ লিখিছে যে, তেওঁৰ মুখ বন্ধ কৰিবলৈ কৰা এয়া নিকৃ্ষ্ট প্ৰচেষ্টা আৰু তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন। তেওঁ পায়েল ঘোষক সামান্যতম মৰ্যাদা ৰক্ষা কৰি চলাৰ বাবে আহ্বান জনায় আৰু এইবুলি কটাক্ষ কৰে যে, ‘মেডাম দুবাৰ বিয়া কৰাইছোঁ। সেয়া যদি অপৰাধ হয় তেন্তে স্বীকাৰ কৰিছোঁ। আনহাতে বহুবাৰ প্ৰেম কৰিছোঁ আৰু সেই কথাও স্বীকাৰ কৰোঁ।’

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES