spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeব্ৰেকিং নিউজবিচাৰপীঠত আৰিয়ানৰ প্ৰশ্নবান, মন গ’লা নাই আদালতৰ…

বিচাৰপীঠত আৰিয়ানৰ প্ৰশ্নবান, মন গ’লা নাই আদালতৰ…

নতুন দিল্লীঃ বাদশ্বাহ পুত্ৰ আৰিয়ান খান আৰু দুই ঘনিষ্ঠ সহযোগী আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচা এতিয়া ড্ৰাগছ ৰেকেটৰ অভিযোগত মুম্বাইৰ প্ৰমোদতৰীৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত কাৰাগাৰেই হৈ পৰিছে ঠিকনা। অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত দ্বাৰস্ত হ’লেও আদালতে নাকচ কৰিছে জামিন আবেদন। ইফালে আদালতত মুখ খুলিছে বাহশ্বাহ পুত্ৰই।

আৰিয়ানে নিজকে আদালতত নিৰ্দোষ বুলি দাবী কৰিছে। আৰিয়ানে কয়, ‘মই ভাল ঘৰৰ সন্তান। ক’তো পলাই নাযাওঁ। আনকি তথ্য-প্ৰমাণবোৰো মচি নেপেলাওঁ।’ অকপট স্বীকাৰোক্তিৰ পাছতো জামিন আৱেদন মঞ্জুৰ কৰা নাই মুম্বাইৰ মেট্ৰ’পলিটান আদালতে। জামিন নোপোৱাৰ বাবে আদালতত ক্ৰোধান্বিত হৈ পৰে বাহশ্বাহ পুত্ৰ। শুকুৰবাৰে জামিনৰ শুনানিৰ সময়ত আদালতলৈ আৰিয়ানৰ প্ৰশ্ন,‘প্ৰমোদতৰীৰ পাৰ্টীত ১৩০০ লোক আছিল। কিন্তু কেবল ১৭ জন লোককহে কিয় গ্ৰেপ্তাৰ কৰা হৈছে? বাকীবোৰ কলৈ গ’ল?’

ইফালে অধিবক্তা সতীশ মানশিন্দে আৰিয়ানৰ পক্ষত আইনী যুঁজত অৱতীৰ্ণ হৈছে। নথিভুক্ত কৰিছে কেতবোৰ তথ্য। অৱশ্যে, আৰিয়ান আৰু তেওঁৰ অধিবক্তাৰ দাবী বা যুক্তিত এতিয়ালৈকে মন গলা নাই আদালতৰ। কি হ’ব আৰিয়ানৰ ভৱিষ্যত? আইনী সুৰুঙাৰে সৰকি যাবলৈ সক্ষম হ’ব জানো আৰিয়ান? সতীশে পাৰিব জানো বাদশ্বাহৰ ভাগ্যদশা সলাব? এনে কেতবোৰ প্ৰশ্নই সম্প্ৰতি চৰ্চিত হোৱা দেখা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular