spot_img
23 C
Guwahati
23 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeৰাষ্ট্ৰীয়শ্বাহৰূখৰ ‘মন্নত’কে ধৰি মুম্বাইৰ বহুস্থানত কূটাঘাতৰ ভাবুকি দিয়া জিতেশক গ্ৰেপ্তাৰ

শ্বাহৰূখৰ ‘মন্নত’কে ধৰি মুম্বাইৰ বহুস্থানত কূটাঘাতৰ ভাবুকি দিয়া জিতেশক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক: বলীউডৰ মেগাষ্টাৰ শ্বাহৰূখ খানৰ মুম্বাইৰ ঘৰ মান্নাতক উৰুৱাই দিয়াৰ ভাবুকি! এই ভাবুকি প্ৰদান কৰাৰ অপৰাধত জবলপুৰৰ পৰা মধ্য প্ৰদেশ আৰক্ষীয়ে এজনক আটক কৰে। অভিযোগ অনুসৰি অভিযুক্ত জিতেশ ঠাকুৰে ৬ জানুৱাৰীত মহাৰাষ্ট্ৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি বান্দ্ৰাত অৱস্থিত মান্নাতকে ধৰি মুম্বাইৰ কেইবাটাও স্থান উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে এজন অজ্ঞাত ব্যক্তিয়ে ফোন কৰি এই ভাবুকি প্ৰদান কৰিছে৷ ইয়াৰ উপৰি তেওঁ কয় যে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস (চিএছএমটি), কুৰ্লা ৰেল ষ্টেচন আৰু চুবুৰীয়া নৱী মুম্বাইৰ খাৰঘৰৰ এটা গুৰুদ্বাৰাকে ধৰি চহৰখনৰ কেইবাটাও অঞ্চল পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। জানিব পৰা মতে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ১৮২, ৫০৫ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

লোকজনক আটক কৰি আৰক্ষীয়ে কয় যে ‘তেওঁৰ কোনো তেনে উদ্দেশ্য নাই। তেওঁ প্ৰায়ে সুৰাপান কৰে আৰু তাৰ পাছত এই ফোনবোৰ কৰে। আমি গম পাইছিলো যে তেওঁৰ বিবাহিত জীৱন মসৃণ হোৱা নাই যাৰ বাবে তেওঁ শেহতীয়াকৈ বিচলিত হৈছে৷’ জবলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গোপাল খাণ্ডেলে পিটিআইক জনায় যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এটা মোবাইল নম্বৰ শ্বেয়াৰ কৰিছে, যাৰ ভিত্তিত তেওঁলোকে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular