Google search engine
28 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeব্ৰেকিং নিউজ‘দেবদাস’ৰ দুটা যুগৰ পাছত পুনৰ শ্বাহৰুখ-সঞ্জয়ৰ যুটি...

‘দেবদাস’ৰ দুটা যুগৰ পাছত পুনৰ শ্বাহৰুখ-সঞ্জয়ৰ যুটি…

মুম্বাই : হিন্দী ছবিজগতত এনে কিছুমান ছুপাৰহিট যুটি আছে যিসকলৰ ছবিৰ বাবে অধীৰভাৱে অপেক্ষা কৰে অনুৰাগীসকলে। দীৰ্ঘবিৰতিৰ পাছত তেওঁলোকৰ ছবি মুকলি হোৱাৰ খবৰে সেইবাবেই সকলোকে আলোড়িত কৰি তোলে। এগৰাকী পৰিচালক আৰু অভিনেতাৰ যুটিক দীর্ঘদিন একেলগে কাম কৰা দেখা পোৱা নাই চলচিত্ৰপ্ৰেমীয়ে। তেওঁলোক হৈছে শ্বাহৰুখ খান আৰু সঞ্জয় লীলা ভাঞ্চালী।

আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিন লৈ কি বাৰ্তা দিলে বিৰাট, ঈশান্তে…

২০০২চনত মুক্তিপ্রাপ্ত ছুপাৰহিট ছবি ‘দেবদাস’-ৰ পাছত আৰু একেলগে কাম কৰা নাই দুয়ো। প্ৰায় দুটা দশকৰ অন্তত দৰ্শকসকললৈ আহিছে এটা সুখৰ খবৰ। শেহতীয় খবৰ মতে শ্বাহৰুখ খান আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে যুটীয়াভাৱে পুনৰ কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


বলিউড হাংগামা-ৰ প্ৰতিবেদন অনুযায়ী শ্বাহৰুখ খানক তেওঁৰ পৰৱর্তী ছবিৰ মুখ্য চৰিত্ৰত ৰখাৰ আঁচনি গ্ৰহণ কৰিছে সঞ্জয় লীলা বাঞ্চালীয়ে। ছবিখন এটা প্রেমৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে। প্রায় ৪বছৰ আগতে এইখন ছবিৰ বাবে বলীউডৰ বাদশ্বাহ খানক প্রস্তাব দিছিল পৰিচালকে।

আৰু পঢ়িব পাৰিব : ৰাজ্যত গণতন্ত্ৰ শেষ হোৱাৰ ইংগিত! শপতগ্ৰহণৰ পাছতে ৰাজ্যপালৰ বিস্ফোৰক মন্তব্য

কিন্তু তেতিয়া কোনোধৰণৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল তেওঁলোক।এতিয়া তেওঁৰ আলিয়া ভাট অভিনীত ছবি ‘গাঙ্গুবাই কাথিয়াৱাড়ি’-ৰ শ্বুটিং শেষ হোৱাৰ পাছত নতুন ছবিখনক লৈ শ্বাহৰুখ খানৰ সৈতে যাৱতীয় কাম-কাজ সমূহ আগবঢ়োৱাৰ কথা ভাবিছে প্ৰখ্যাত পৰিচালকগৰাকীয়ে। বিশেষ সূত্ৰৰ তথ্য মতে, ছবিখনৰ নাম ৰখা হৈছে ‘ইজহাৰ’।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sat
28 °
Sun
27 °
Mon
30 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular