spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeব্ৰেকিং নিউজশ্বাহৰুখৰ বাবে আৰিয়ানৰ জলৌ-জপৌ অৱস্থাঃ আক্ষেপ শত্ৰুঘ্ন সিনহাৰ

শ্বাহৰুখৰ বাবে আৰিয়ানৰ জলৌ-জপৌ অৱস্থাঃ আক্ষেপ শত্ৰুঘ্ন সিনহাৰ

নতুন দিল্লীঃ আৰিয়ান গাঁথা। কৈ কৈ ওৰকে নপৰে শ্বাহৰুখ পুত্ৰৰ কলংকিত অধ্যায়ৰ কথা। প্ৰমোদতৰীৰ ড্ৰাগছ গোচৰত অভিযুক্ত বাহশ্বাহ পুত্ৰই জেল’ হাজোতত থকাৰ আজি এসপ্তাহ হ’ল। এই সময়সীমা কিমান দিনলৈ বৃদ্ধি পায় সেয়াও অনিশ্চয়তাত! অন্তৱৰ্তীকালীন জামিন আবেদনো নাকচ কৰিছে আদালতে। আজিু বিশেষ আদালতে আৰিয়ান খানৰ জামিন আবেদনৰ পুনৰ শুনানি ল’ব। ড্ৰাগছ পাৰ্টীৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ পাছত আৰিয়ানৰ জামিন আবেদন একাধিক বাৰ খাৰিজ হোৱাৰ পাছত আজি আদালতে কি সিদ্ধান্তত উপনীত হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

শ্বাহৰুখৰ কাৰণেই আৰিয়ানক এনেদৰে হাৰাশাস্তি কৰা হৈছে। শ্বাহৰুখৰ পুত্ৰ হোৱা বাবেই আৰিয়ানক লক্ষ্য কৰি লোৱা হৈছে বাৰে বাৰে।’ বলীউডৰ সহকৰ্মীসকলে এই কঠিন সময়ত শ্বাহৰুখৰ কাষত থিয় হোৱা নাই বুলিও আক্ষেপ শত্ৰুঘ্ন সিনহাৰ।

অইন বলীউড তাৰকাৰ দৰে সম্প্ৰতি শ্বাহৰুখৰ কাষত থিয় দিছে জ্যেষ্ঠ অভিনেতা শত্ৰুঘ্ন সিনহাই। এই কঠিন সময়ত খান পৰিয়ালৰ কাষত থিয় দিছে অভিনেতীগৰাকীয়ে। বলীউড অভিনেতাগৰাকীৰ মতে, শ্বাহৰুখৰ কাৰণেই আৰিয়ানক এনেদৰে হাৰাশাস্তি কৰা হৈছে। শ্বাহৰুখৰ পুত্ৰ হোৱা বাবেই আৰিয়ানক লক্ষ্য কৰি লোৱা হৈছে বাৰে বাৰে।’ বলীউডৰ সহকৰ্মীসকলে এই কঠিন সময়ত শ্বাহৰুখৰ কাষত থিয় হোৱা নাই বুলিও আক্ষেপ শত্ৰুঘ্ন সিনহাৰ। তেওঁ কয়, ‘কোনেও আগবাঢ়ি অহা নাই। সকলোৱে এয়া শ্বাহৰুখৰ সমস্যা বুলি ধৰি লৈছে। শ্বাহৰুখৰ সমস্যাৰে তেওঁ নিজে মোকাবিলা কৰক। বলীউড ইণ্ডাষ্ট্ৰীত সকলোৱে কাপুৰুষ।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular