শ্বেৰমান শলঠেকত! কি অভিযোগত পুনৰ গ্ৰেপ্তাৰ বিতৰ্কিত বিধায়ক? এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিলে অভিযোগ

0
629
শ্বেৰমান আলী
থানাত কিদৰে আছে বিধায়ক শ্বেৰমান; ৰাজ আতিথ্য নে সাধাৰণ কয়দী?

ডিজিটেল ডেস্কঃ ক্ৰমাৎ বিপদ বাঢ়িছে শ্বহীদক অপমান কৰা কংগ্ৰেছৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ! বিধায়ক পুঁজিৰ ধন আত্মসাতৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ হৈছে তেওঁ৷ ৬৫ লাখ টকাৰ কেলেংকাৰি সংঘটিত হৈছিল বাগবৰ বিধানসভা সমষ্টিত৷ মন্দিয়া উন্নয়ন খণ্ডত সংঘটিত হোৱা বৃহৎ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে৷

পুঁজিৰ ধনেৰে পথনিৰ্মাণ কৰা দেখুৱাই ৬৫লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে। ২০১৬-১৭বৰ্ষতে সংঘটিত হৈছিল ধনৰাশিৰ আত্মসাতৰ ঘটনা৷ কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বিডিঅ’সহ কনিষ্ঠ অভিযন্তা আৰু জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াক৷ লগতে গ্ৰেপ্তাৰ হৈছিল উন্নয়ন সমিতিৰ তিনিজনকৈ সভাপতি৷ বিগত জুন মাহত গ্ৰেপ্তাৰ হৈছিল মুঠ ৬জনকৈ বিষয়া-কৰ্মচাৰী।

গ্ৰেপ্তাৰ হোৱাসকলৰ ভাষ্যত নাম প্ৰকাশ পাইছিল শ্বেৰমান আলীৰ৷ আজি শ্বেৰমানক বিশেষ আদালতত হাজিৰ কৰিছে তদাৰকী কোষে৷ এই গোচৰত ৫ দিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ শ্বেৰমান আলীক প্ৰেৰণ কৰা হৈছে। ইফালে, আদালত চৌহদতে বিধায়কগৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে, ‘সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰিত অভিযুক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, এনে অভিযুক্ত মুখ্যমন্ত্ৰীৰ নৈতিক অধিকাৰ নাই!’