spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeৰাজনৈতিকশ্বেৰমান ক'লা অধ্যায়! তদাৰকী কোষৰ জেৰাই পোহৰলৈ আনিলে বহু তথ্য

শ্বেৰমান ক’লা অধ্যায়! তদাৰকী কোষৰ জেৰাই পোহৰলৈ আনিলে বহু তথ্য

ডিজিটেল ডেস্ক: ছহিদক অপমাণ আৰু তাৰ পাছতেই জীৱন সলনি হ’ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলি আহমেদৰ৷ দুবাৰকৈ গ্ৰেপ্তাৰ হোৱা শ্বেৰমানৰ বহু তথ্যই পোহৰলৈ আহিছে৷ ৰাজনীতিত আহিবলৈ তথা নিৰ্বাচন খেলিবলৈ ক’ত টকা পাইছিল শ্বেৰমান আলিয়ে ? তদাৰকী কোষৰ জেৰাত বহু ক’লা অধ্যায় পোহৰলৈ আহিছে শ্বেৰমানৰ ৷ দুৰ্নীতি নিবাৰক শাখাতো গোচৰ আছে শ্বেৰমানৰ৷ চৰকাৰী চাকৰিৰে নিৰ্বাচন খেলিবলৈ টকা ঘটিছিল শ্বেৰমানে ৷

দুৰ্নীতিৰে কোটি পতি হোৱা শ্বেৰমানৰ ন ন তথ্য উদ্ঘাটন কৰিছে আৰক্ষীয়ে৷ বিধায়ক শ্বেৰমান আলিক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলোৱা জেৰাৰ আজি প্ৰথমটো দিন ৷ জেৰাত ওলাইছে শ্বেৰমানৰ বহু ক’লা অধ্যায় ৷ ৰাজনীতিলৈ অহাৰ আগতেই শ্বেৰমানৰ বিৰুদ্ধে আছিল দুৰ্নীতিৰ গোচৰ ৷ সেই সময়ত বন বিভাগত কৰ্মৰত আছিল শ্বেৰমান ৷ এজন বন বিষয়া হৈ সেই সময়তে কোটিপতি হৈছিল শ্বেৰমান ৷

কোটিপতি শ্বেৰমানে পাছত ৰাজনীতিলৈ অহাৰ মন মেলিছিল ৷ ডিমা-হাচাওৰ ৰেঞ্জাৰ হৈ থকা সময়ত হঠাৎ আলাউদ্দিনৰ চাকী হাতত পৰিছিল শ্বেৰমানৰ ৷ আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী শ্বেৰমানৰ বিৰুদ্ধে তেতিয়াই দুৰ্নীতি নিবাৰক শাখাই ৰুজু কৰিছিল গোচৰ ৷ কিন্তু আজি পৰ্যন্ত তদন্ত নহ’ল সেই গোচৰৰ শুনানি ৷ কাৰণ ধনে জনে সেইসময়ত চৰকাৰক সহায় কৰি থকাৰ বাবে গোচৰটো সিমানতে তল পৰিছিল ৷ ক্ষমতাৰ ৰাগীত বলিয়া হোৱা শ্বেৰমানৰ মুখৰ এটা বাক্যই সলনি কৰিলে জীবনৰ গতি ৷ এতিয়া কেইবাটাও গোৰৰৰ অভিযুক্ত এই শ্বেৰমান আলি ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular