spot_img
24.8 C
Guwahati
Friday, September 24, 2021
spot_img
Homeমনোৰঞ্জন‘ছুপাৰ ডান্সাৰ-৪’ ছেটত শিল্পাৰ উচুপনি... কি ক’লে অনুৰাগ-গীতাই?

‘ছুপাৰ ডান্সাৰ-৪’ ছেটত শিল্পাৰ উচুপনি… কি ক’লে অনুৰাগ-গীতাই?

মুম্বাই : পৰ্ণ ৰেকেট চলোৱাৰ দৰে গুৰুতৰ অভিযোগত স্বামী কাৰাবন্দী। স্বাভাৱিকতে বেয়া সময় চলিছে অভিনেত্ৰী শিল্পা শেট্টীৰ জীৱনত। ইয়াৰ মাজতে তেওঁ উভতিল ৰাজহুৱা জীৱনলৈ। ছুপাৰ ডান্সাৰ-৪ৰ ছেটলৈ উভতিল শিল্পা শেট্টী। কিন্তু কিয় চকু সেমেকিল শিল্পাৰ? কি দিলে তেওঁক ছুপাৰ ডান্সাৰ পৰিয়ালে? পৰ্ণোগ্ৰাফিক ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে স্বামী ৰাজ কুন্দ্ৰা। প্ৰায় এমাহে তেওঁ কাৰাগাৰৰ বন্ধ কোঠাতে দিন অতিবাহিত কৰিছে। তেওঁৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ তীব্ৰ তদন্ত চলিছে।

তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যতো উঠিছে কঁপনি। স্বাভাৱিকেই এই কলংকৰ চেকা পৰিছে কুন্দ্ৰাৰ তাৰকা পত্নী, জনপ্ৰিয় অভিনেত্ৰী তথা ফিটনেছ আইকন শিল্পা শেট্টীৰ গাতো। তেৱোঁ আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে আৰু অপমান, অপবাদৰ পাহাৰ এখন বৈ ফুৰিবলগীয়া হৈছে। তাৰ মাজতে এইবাৰ ৰাজহুৱা জীৱনলৈ প্ৰতাৱৰ্তন কৰিছে শিল্পাই। স্বামীৰ গ্ৰেপ্তাৰৰ পাছত দীঘলীয়া সময় নীৰৱে, সকলোৰে পৰা আঁতৰি ফুৰাৰ পাছত ‘ছুপাৰ ডান্সাৰ 4’ৰ ছেটলৈ পুনৰ উভতিছে শিল্পা শেট্টী। এগৰাকী বিচাৰক হিচাপে তেওঁ এই জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোৰ অংশীদাৰ হৈ আহিছে।

ছেটলৈ উভতি তেওঁ আগষ্টৰ খণ্ডটোৰ বাবে দৃশ্যগ্ৰহণ কৰে। এই প্ৰত্যাৱৰ্তন শিল্পাৰ কাৰণে আছিল ছাৰপ্ৰাইজভৰা। প্ৰযোজকসকলৰ আগ্ৰহ আৰু দুই সহ-বিচাৰক অনুৰাগ বসু আৰু গীতা কাপুৰৰ আন্তৰিক আদৰণিয়ে অতি সুখকৰ কৰি তুলিলে শিল্পাৰ প্ৰত্যাৱৰ্তন। ছুপাৰ ডান্সাৰ পৰিয়ালৰ আন্তৰিক আদৰণি আৰু আতিথ্যই চকু সেমেকাই তোলে শিল্পাৰ। ছেটলৈ ওভটাৰ ক্ষণটো আনন্দ অশ্ৰুৰে সজীৱ হৈ পৰিল শিল্পাৰ বাবে।

মন কৰিবলগীয়া যে, আগৰ এটা সাক্ষাৎকাৰত, সহ-বিচাৰক অনুৰাগ বসুৱে শিল্পাৰ অনুপস্থিতি অনুভৱ কৰা বুলি মন্তব্য কৰিছিল আৰু কৈছিল তেওঁলোকে তেওঁক হেৰুৱাব নিবিচাৰে। তেওঁ কৈছিল, আমি এটা সৰু পৰিয়াল আৰু যেতিয়া পৰিয়ালৰ এজন সদস্য ওচৰত নাথাকে, তেতিয়া বহুত কষ্ট হয়, তাতে শিল্পা সকলোৰে প্রিয়। স্বামীৰ জামিন আবেদন বাৰে বাৰে নাকচ হোৱা আৰু নানা নতুন অভিযোগে ভাৰাক্ৰান্ত কৰাৰ সময়তে শিল্পাৰ এই প্ৰত্যাৱৰ্তন আৰু তেওঁ লাভ কৰা আদৰণিয়ে তেওঁৰ গ্লানিৰ বোজা নিশ্চয় হ্ৰাস কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular