spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeব্ৰেকিং নিউজস্বামী আৰক্ষীৰ জিম্মাত, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিল্পা ছেট্টীয়ে?

স্বামী আৰক্ষীৰ জিম্মাত, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিল্পা ছেট্টীয়ে?

নতুন দিল্লী : স্বামী গ্ৰেপ্তাৰ হৈছে পৰ্ণ ভিডিঅ’ নিৰ্মাণৰ গোচৰত। স্বাভাৱিকতে গ্লানিৰ ছিটিকনি পৰিছে জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টীৰ গাতো। তেওঁক সাঙুৰিও নানা গুজব সৃষ্টি হৈছে। ৰাজ কুন্দ্ৰা সম্পৰ্কত নানা মুখৰোচক খবৰ প্ৰকাশ পাইছে, য’ত উদ্দেশ্যপ্ৰণোদিতভাৱে সাঙুৰি লোৱা হৈছে শিল্পাৰ নাম। ইটোৰ পাছত সিটো গোচৰত সাঙোৰ খাই গৈ আছে ৰাজ কুন্দ্ৰাৰ নাম। এনে পৰিস্থিতিৰ মাজত কেইবাদিনো নীৰৱে থকাৰ পাছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পী ছেট্টীয়ে। বৃহস্পতিবাৰে নিশা অভিনেত্ৰীগৰাকীয়ে এটা ৰহস্যজনক ইনষ্টাগ্ৰাম ষ্টোৰী শ্বেয়াৰ কৰিছে।

লেখক জেমছ থাৰ্বাৰৰ এখন কিতাপৰ এটা পৃষ্ঠা তুলি ধৰি শিল্পাই দিছে সম্প্ৰতিক পৰিস্থিতিৰ সৈতে তেওঁ কিদৰে মোকাবিলা কৰিছে তাৰ ইংগিত। শিল্পাই পোষ্ট কৰা এই ইনষ্টাগ্ৰাম ষ্টোৰীত সংলগ্ন কিতাপখনৰ পৃষ্ঠাত আছে. ‘আমি যি ঠাইত থকা দৰকাৰ সেই ঠাইখন এতিয়া ইয়াতে আছে। কি হৈছে বা কি হ’ব পাৰে তাক উদ্বিগ্নতাৰে চোৱা নাই কিন্তু কি আছে সেই বিষয়ে সম্পূৰ্ণভাৱে অৱগত।’ শিল্পা ছেট্টীৰ ইনষ্টাগ্ৰাম ষ্টোৰীত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বিষয়েও উল্লেখ আছে। ‘মই এটা দীঘল উশাহ লৈছোঁ, মই যে জীয়াই আছো তাৰ বাবে নিজকে ভাগ্যৱান বিবেচনা কৰিছোঁ। মই অতীতৰ প্ৰত্যাহ্বানক জয় কৰিছোঁ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানকো জয় কৰিম। মোক মোৰ জীৱনটো যাপন কৰাৰ পৰা একোৱেই আজি বিচলিত কৰিব নোৱাৰে।’উল্লেখ্য যে, সোমবাৰে, ৰাজ কুন্দ্ৰাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular