Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিক‘মহা শিৱৰাত্ৰি’ : শিৱসাগৰত চাৰিদিনীয়াকৈ উদযাপন শিৱৰাত্ৰীৰ...

‘মহা শিৱৰাত্ৰি’ : শিৱসাগৰত চাৰিদিনীয়াকৈ উদযাপন শিৱৰাত্ৰীৰ…

গুৱাহাটীঃ নিৰ্বাচনৰ বতাহৰ মাজতো ‘মহা শিৱৰাত্ৰি’ উপলক্ষে ৰাজ্যৰ শিৱ মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ‘শিৱ দ’ল’তো ১০মাৰ্চৰ পৰা ১৩মাৰ্চলৈ চাৰিদিনীয়াকৈ উদযাপন কৰা হৈছে ‘আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ-২০২১’। চিৰাঙৰ বিজনীৰ ঐতিহাসিক আমগুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰতো বুধবাৰৰে পৰা দুদিনীয়াকৈ উদযাপন কৰা হৈছে শিৱৰাত্ৰি। 

আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনাত থিতাতে নিহত ৮জনৰ : অনুসন্ধান অব্যাহত

আনহাতে জাগীৰোডৰ শিৱ মন্দিৰ সমূহতো পুৱাৰে পৰা চলিছে পূজা-অৰ্চনা৷ জাগীৰোডৰ গোভা দেওঁৰজা চাৰিভাই শিৱ মন্দিৰতো পুৱাৰে পৰা বৈছে ভক্তৰ লানি নিছিগা সোঁত৷ বিভিন্ন প্ৰান্তৰৰ অগণন ভক্তই ধুপ-দ্বীপ নৈবেদ্যৰে মহাদেৱক পূজা-অৰ্চনা কৰাৰ লগতে ভগৱানৰ আশিস গ্ৰহণ কৰিছে৷

সমান্তৰালভাৱে ঐতিহাসিক ‘নাগশংকৰ দেৱালয়’তো পুৱাৰে পৰা বৈছে ভক্তৰ লানি নিছিগা সোঁত৷ শৈৱ্যপীঠ নাগশংকৰ দেৱালয়ত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয় বুলি এক জনবিশ্বাস তাহানিৰে পৰা চলি আহিছে৷

আৰু পঢ়িব পাৰিব : মমতা বেনাৰ্জীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, উত্তাল বংগৰ ৰাজনীতি

পুৱাৰে পৰা সাংস্কৃতিক নগৰী তেজপুৰৰ শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰত অগণন ভক্তই শ্ৰীশ্ৰীমহাদেৱৰ শ্ৰীচৰণত ধূপ চাকি জ্বলাই মংগল কামনা কৰিছে। আনহাতে তেজপুৰৰ শ্ৰীশ্ৰীহলেশ্বৰ মন্দিৰ, হিঙ্গুলেশ্বৰ,কেতেকেশ্বৰ,সিদ্ধেশ্বৰ আৰু শিঙৰী শিৱ মন্দিৰতো শিৱৰাত্ৰি উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰা হৈছে।  

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
27 ° C
27 °
27 °
89 %
1.5kmh
90 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular