spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াভাৰতীয় ক্ৰিকেটাৰক শ্লীপিং টেবলেট খুওৱাৰ অভিসন্ধি পাকিস্তানৰ! তাৰ পাছত...

ভাৰতীয় ক্ৰিকেটাৰক শ্লীপিং টেবলেট খুওৱাৰ অভিসন্ধি পাকিস্তানৰ! তাৰ পাছত…

ডিজিটেল ডেস্কঃ অক্টোবৰ মাহৰ উৎকট গৰম দেওবাৰ! সমুখ-সমৰত চিৰবৈৰী দুই দেশ, চৰ্চা বিশ্বজুৰি। আইচিচি মেনছ টি-২০ ৱৰ্ল্ড কাপৰ ছুপাৰ ১২ৰ মেচত মুখামুখী ভাৰত-পাকিস্তান। ক্ৰিড়ানুৰাগীৰ অপেক্ষা মাথো দেওবাৰৰ সন্ধিয়া ৭:৩০ বজালৈ। মেচৰ পূৰ্বে দুইপক্ষৰ মাজত চলিছে কথাৰ কটা-কটি। পিছে পাকিস্তানী খেলুৱৈয়ে এখোপ ওপৰলৈ গৈ মন্ত্ৰণা দিলে ভাৰতীয় ক্ৰিকেটাৰক শ্লীপিং টেবলেট খুওৱাৰ।

‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’ ছোৱাইব আখতাৰে এক অনুষ্ঠানত দিলে এই বিস্ফোৰক মন্তব্য। ভাৰতক ৰুধিবলৈ পাকিস্তানে গুৰুত্ব দিবলগীয়া তিনিটা দিশৰ কথা ক’লে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰজনে। উল্লেখ্য যে, টি-২০ বিশ্বকাপত এতিয়ালৈকে খেলা পাঁচখন খেলতেই ভাৰতে পৰাস্ত কৰিছে পাকিস্তানক। শক্তিশালী ভাৰতক ৰুধিবলৈ এইবাৰ ছোৱাইবে নিজদেশৰ দলক দিলে কেইবাটাও পৰামৰ্শ। যদিও আখতাৰে খুহুতীয়া সুৰত তিনিটা পৰামৰ্শ আগবঢ়ায় তথাপি ই দেশদুখনৰ বৈৰিতাক আকৌ এবাৰ পৰিস্ফুট কৰে। ‘প্ৰথমতে ভাৰতক শ্লীপিং টেবলেট দিয়া। দ্বিতীয়তে, বিৰাট কোহলীক দুদিন ইনষ্টাগ্ৰাম ব্যৱহাৰৰ কৰিবলৈ মানা কৰা। আৰু তৃতীয়তে, এমএছ ধোনীক কোৱা তেঁও নিজেই বেটিং কৰিবলৈ নাহে যেন; মই কৈছো তেঁও এতিয়াও আটাইতকৈ ফৰ্মত থকা বেটছমেন’, পাকিস্তান দলক আখতাৰে খুহুতীয়া সুৰত পৰামৰ্শ আগবঢ়ায়। এনেবোৰ কথাৰে কিছু হাস্যৰসৰ আমোদ লৈ আখতাৰে তেঁওৰ প্ৰকৃত পৰামৰ্শ আগবঢ়াই কয় যে, পাকিস্তানে এটা ভাল আৰম্ভণিৰ লক্ষ্যৰে ইনিংছ আৰম্ভণি কৰিব লাগিব। তাৰ পাছত দলে ডট বল এৰাই চলিব লাগিব আৰু ৫-৬ অভাৰলৈ বলে প্ৰতি ৰাণ সংগ্ৰহ কৰি ষ্ট্ৰাইক ৰেট উৰ্ধমুখী কৰিব লাগিব। বলিঙৰ সময়ত যদি হাতত এটা ভাল ৰাণসংখ্যা থাকে তেন্তে উইকেট ল’বলৈ চেষ্টা কৰিব লাগিব।

ইয়াৰ পাছত প্ৰাক্তন ভাৰতীয় স্পীনাৰ হৰভজন সিঙক পাকিস্তানক বিজয়ৰ পৰা বিৰত ৰাখিবলৈ ভাৰতে গুৰুত্ব দিবলগীয়া তিনিটা দিশৰ কথা সোধা হয়। হৰভজনে ভাৰতক মেচখন সুন্দৰকৈ আৰম্ভ কৰি কোনোধৰণৰ অতিৰিক্ত চাপৰ নল’বলৈ কয়। পাকিস্তানৰ বিৰুদ্ধে এতিয়ালৈ খেলা আঠখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচৰ সাতখনতে বিজয়ী হৈছে ভাৰত।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular