Google search engine
26.1 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকএছআই কেলেংকাৰি : কেনেকৈ সঞ্জিত কৃষ্ণৰ হাতলৈ আহিছিল ৪০ লাখ?

এছআই কেলেংকাৰি : কেনেকৈ সঞ্জিত কৃষ্ণৰ হাতলৈ আহিছিল ৪০ লাখ?

গুৱাহাটী : ধাৰাবাহিক অভিযানৰ জৰিয়তে এছ আই কেলেংকাৰি সন্দৰ্ভত আন ভালেমান বিস্ফোৰক তথ্য লাভ কৰিছে তদন্তকাৰী সংস্থাই। কেলেংকাৰিৰ ৪০ লাখ টকা সৰবৰাহৰ বিষয়েও ভালেমান তথ্য লাভ কৰিছে তদন্তকাৰী সংস্থাই৷ এই ৪০ লাখৰ বিনিময়তে সঞ্জিত কৃষ্ণই ফাদিল কৰিছিল প্ৰশ্নকাকত৷ নিলম্বিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণই বন্ধুৰ হাতত ৰাখিছিল ৪০ লাখ টকা৷ গুৱাহাটীতে হৈছিল আৰক্ষী অধীক্ষক কেলেংকাৰিৰ ৪০ লাখৰ আদান-প্ৰদান৷

আৰু পঢ়িব পাৰিব : মৰ্মান্তিক : দুৰ্ঘটনাত চিৰ দিনৰ বাবে ঘুনীয়া হয় পিতা-পুত্ৰ

তথ্য অনুসৰি মধ্যভোগী ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাই দিছিল এই বৃহৎ পৰিমানৰ ধনৰাশি৷ সৰোজ শৰ্মা, ৰুবুল হাজৰিকাই প্ৰশ্নকাকতৰ বিনিময়ত সঞ্জিত কৃষ্ণক দিছিল ৪০ লাখ৷ মধ্যভোগীৰ লগতে আছিল সৰোজ শৰ্মাৰ কৰ্মচাৰী জিতুল শাণ্ডিল্য৷ এখন বগা ৰঙৰ ক্ৰেটা গাড়ীৰে টকা দিবলৈ গৈছিল তিনিজন মধ্যভোগী৷ ইপিনে এই টকাখিনি ধৃত সঞ্জিতে সংগ্ৰহৰ দায়িত্ব দিছিল সুকন্যা সৰকাৰ আৰু সুব্ৰত সৰকাৰক৷ জুৰোডৰ এখন ৰেস্তোৰাঁত ধন সংগ্ৰহ কৰিছিল সৰকাৰ দম্পতীয়ে৷ টকা ভৰ্তি বেগ লৈ সৰকাৰ দম্পতী ততাতয়াকৈ ৰাওনা হৈছিল নিজ বাসগৃহলৈ৷ পাছত সৰকাৰ দম্পতীৰ পৰা টকা ভৰ্তি বেগটো সঞ্জিতৰ সহায়ক দীপজ্যোতি শালৈলৈ হস্তান্তৰ হৈছিল৷

আৰু পঢ়িব পাৰিব : নাতিনীৰ শিক্ষাৰ বাবে বিক্ৰী কৰিছিল ঘৰ… তাৰ পিছত ঘটিল চমৎকাৰ

আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মতেই দীপজ্যোতিয়ে সৰকাৰ দম্পতীৰ পৰা টকাৰ বেগটো লৈ জমা দিছিল বন্ধু অমৰজিৎ লহকৰক৷ ইতিমধ্যে মঙলবাৰে দীৰ্ঘসময় জেৰাৰ অন্তত চিআইডিয়ে গ্ৰেপ্তাৰ কৰে সঞ্জিত কৃষ্ণৰ অৰ্ডালি দীপজ্যোতি আৰু তেওঁৰ বন্ধু অমৰজিতক৷ দুয়োকে জেৰাৰ বাবে দুদিনৰ জিম্মাত লয় তদন্তকাৰী সংস্থাটোৱে৷ আনহাতে কিছুদিন পূৰ্বেই চিআইডি-এ গোপনে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে সুকন্যা সৰকাৰৰ স্বামী সুব্ৰত সৰকাৰক৷ অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই কেলেংকাৰীৰ ৪০ লাখ টকা৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26.1 ° C
26.1 °
26.1 °
93 %
0.7kmh
100 %
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °
Thu
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular