spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকঅধ্যক্ষতকৈ মঞ্চ ডাঙৰ নহয়! কি সিদ্ধান্ত ল'লে সীমান্ত শেখৰে?

অধ্যক্ষতকৈ মঞ্চ ডাঙৰ নহয়! কি সিদ্ধান্ত ল’লে সীমান্ত শেখৰে?

গুৱাহাটী : ৰাজ্যিক চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিয়ে মঞ্চত সংগীতানুষ্ঠান নকৰাৰ সিদ্ধান্ত সীমান্ত শেখৰৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ অনুসৰি কাম কৰি দেখুৱাৰ পণ লোৱা বুলি জানিবলৈ দিয়ে নব নিযুক্ত অধ্যক্ষ সীমান্ত শেখৰে।

এতিয়াৰে পৰা আৰু বিহু বা আন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন নকৰে সীমান্ত শেখৰে। কাৰণ নতুন দায়িত্বত অধিক মনোনিবেশ কৰিব বিচাৰিছে সীমান্ত শেখৰে। “শিল্পী হিচাপে ৰাইজে বহু মৰমৰ দিছে। নতুন যাত্ৰা, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ক’ভিডে কোঙা কৰা উদ্যোগটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে। শীঘ্ৰেই অসমীয়া ছবিৰ প্ৰযোজক , শিল্পী সকলৰ সৈতে আৰু ছবি গৃহ সমূহৰ স্বত্বাধিকাৰী সকলৰ সৈতে আলোচনাত বহিব বুলি কয়৷

ইপিনে অসমীয়া ছবি নোছোৱা বুলি কৰা এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা সন্দৰ্ভত স্পষ্টীকৰণ দি তেওঁ ভাইৰেল হোৱা ভিডিঅটো বিকৃত কৰা হৈছে বুলি অভিযোগ শিল্পীগৰাকীৰ। শেহতীয়াকৈ ‘হলধৰ’ ছবি চোৱা বুলি জনালে নৱ নিযুক্ত অধ্যক্ষ সীমান্ত শেখৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular