spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকজ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষ বিদ্যাসাগৰ; দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন

জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষ বিদ্যাসাগৰ; দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন

ডিজিটেল ডেস্কঃ জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্বভাৰ ল’লে কণ্ঠশিল্পী বিদ্যাসাগৰে। গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ পদ শুৱনি কৰিব কণ্ঠশিল্পীগৰাকীয়ে। প্ৰাক্তন অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত দায়িত্ব গ্ৰহণ বিদ্যাসাগৰৰ।

শুভ লগ্ন অনুযায়ী মাংগলিক ৰীতি নীতিৰে দিনৰ মঙলবাৰে ১১.১৫ বজাত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে কণ্ঠশিল্পীগৰাকীয়ে। জ্যোতি চিত্ৰবনৰ ২৫ সংখ্যক অধ্যক্ষ বিদ্যাসাগৰ।দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিদ্যাসাগৰে। জ্যোতি চিত্ৰবনক লৈ থকা বহু পৰিকল্পনাৰ কথাও জনালে নৱ নিযুক্ত অধ্যক্ষগৰাকীয়ে।

উল্লেখ্য যে যোৱা ৩ নৱেম্বৰত ৰাজ্যৰ অন্য এগৰাকী কণ্ঠশিল্পী সীমান্ত শেখৰক অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰিছিল অসম চৰকাৰে।

আৰু পঢ়কঃ ৰে’ল লাইনত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাবটিলে সঞ্জুৱে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular