spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকদ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ দোকানী

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ দোকানী

শিৱসাগৰঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ বিষ্ণু নগৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। অনিমেষ দাস( ৫২) নামৰ লম্পট এটাৰ কামনাৰ বলি হৈছে এগৰাকী ৯ বছৰীয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। পেছাত গেলামালৰ দোকানী দাসে প্ৰলোভনৰে কিছুদিনৰ পৰা শিশুটিৰ ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন।

বুধবাৰে পাষণ্ডটোৰ কু-কৰ্মৰ বিষয়ে জানিব পাৰে কণমানিজনীৰ পিতৃ-মাতৃয়ে। পাছত ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত লম্পটটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে। এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পটটোক।

শিৱসাগৰ সদৰ থানাই 923/21 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 375(B)IPC R/W 6 &12 OF POSCO ACT.ত গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰে লম্পটটোক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular