spot_img
15.8 C
Guwahati
15.8 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকমাতৃত্বত কংলক ! বাহঁনিৰ মাজত কন্যা শিশুৰ কান্দোন

মাতৃত্বত কংলক ! বাহঁনিৰ মাজত কন্যা শিশুৰ কান্দোন

শিৱসাগৰ : শিৱসাগৰত ক্ৰমাৎ বৃদ্ধি পাই আহিব ধৰিছে অমানৱীয় ঘটনা৷ কোনো হৃদয়হীন মাতৃয়ে বাঁহনিৰ মাজত পেলাই গ’ল সদ্যোজাত কন্যাক৷ আমগুৰিত হৃদয়হীন পিতৃ-মাতৃৰ অমানৱীয় কাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷ মাতৃত্বৰ কলংকৰ বোজাৰ পৰা ৰক্ষা পৰিবলৈ এইদৰে বাঁহনিৰ মাজত পেলাই যোৱা সন্দেহ স্থানীয় লোকৰ৷

আমগুৰিৰ নামতি বঙালী গায়েন গাঁও সমীপৰ এখন বাঁহনিৰ মাজত এটি সদ্যোজাত কন্যা শিশু উদ্ধাৰ হয়৷ আজি পুৱা বাঁহ কাটিবলৈ যোৱা সুশীল কালিন্দী নামৰ ব্যক্তিজনে উদ্ধাৰ কৰে সদ্যোজাত কন্যা শিশুটি৷ বাঁহনিৰ মাজত কাপোৰেৰে মেৰিয়াই বস্তাৰ মাজত সুমুৱাই পেলাই ৰাখিছিল শিশুটি।

বৰ্তমান বুধ কালিন্দীৰ গৃহত তত্ত্বাৱধানত আছে কন্যা শিশুটি। হৃদয়হীন পিতৃ-মাতৃয়ে নিজ সন্তানক পেলাই দিয়া কাৰ্যই কলুষিত কৰিছে সমাজক৷ এই ঘটনাৰ পাছতে স্থানীয় লোকে এনে কাণ্ডক গৰিহনা দিয়াৰ লগতে দোষী পিতৃ-মাতৃক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular