spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকৰাজপথত পশুপালক, গো-সুৰক্ষা আইনৰ বিৰুদ্ধে উত্তাল শিৱসাগৰ

ৰাজপথত পশুপালক, গো-সুৰক্ষা আইনৰ বিৰুদ্ধে উত্তাল শিৱসাগৰ

শিৱসাগৰঃ অসম চৰকাৰে ৰূপায়ণ কৰা গো-সুৰক্ষা আইনৰ বিৰুদ্ধে বুধবাৰে শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কেইবা শতাধিক পশুপালকে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ গো-পালকসকল একত্ৰিত হৈ শিৱসাগৰ ষ্টেচন চাৰিআলি সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উপায়ুক্ত কাৰ্যালয়লৈ বিশাল সমদল উলিয়ায়।

পশু তথা গো-পালকসকলে হাতে হাতে প্লে’কাৰ্ড, বেনাৰ লৈ ‘গো-সুৰক্ষা আইন বাতিল কৰক, গো-পালকসকলক ভাতেমৰা কাৰ্য বন্ধ কৰক’- আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

ইয়াৰ পাছতে উক্ত আইন বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে গো-পালকসকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular