শিৱসাগৰত স্থাপন হ’ব আইকনিক চিটী মিউজিয়াম

শিৱসাগৰ : শিৱসাগৰ জিলাত স্থাপন হ’ব আইকনিক চিটী মিউজিয়াম । আজি অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত প্ৰস্তাৱিত মিউজিয়ামৰ বাবে ১৫ বিঘা ভূমি কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰে শিৱসাগৰ জিলা প্ৰশাসনে । উল্লেখ্য যে চলিত বছৰৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে অসমকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ পাঁচখন ঠাই আইকনিক ছাইটৰূপে ঘোষণা কৰি প্ৰতিঠাইতে একোটাকৈ উন্নত মানৰ মিউজিয়াম স্থাপনৰ ঘোষণা কৰিছিল।

আৰু পঢ়িব পাৰিব : ক’ভিড যোদ্ধাৰ প্ৰতি অন্যায়! বেতনবঞ্চিত চিকিৎসকৰ প্ৰতিবাদ

উত্তৰ-প্ৰদেশ, হিমাচল প্ৰদেশ, গুজৰাট, হাৰিয়ানা আৰু অসমৰ পাঁচ প্ৰান্তত শ শ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব লোৱা এই মিউজিয়ামৰ বাবে অসমৰ শিৱসাগৰ জিলাক নিৰ্বাচিত কৰা হয়। ছশ বছৰীয়া আহোম ৰাজত্বৰ কেন্দ্ৰ তথা বহু ঐতিহাসিক সমলেৰে সমৃদ্ধ শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ ৰূপহী পথাৰত উক্ত মিউজিয়াম নিৰ্মাণৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ ৰাজহ বিভাগে ১৫ বিঘা মাটি নিৰ্বাচন কৰি আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় পূৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰে।

আৰু পঢ়িব পাৰিব : ধুবুৰীত চোৰাং গৰুসহ জব্দ নাও, আৰক্ষীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, কেন্দ্ৰীয় পূৰাতত্ব বিভাগ, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আদিৰ যুটীয়া পৰিকল্পনাত এই মিউজিয়ামৰ নিৰ্মাণ আৰম্ভ হব। আজিৰ ভূমি হস্তান্তৰ এই কৰ্মৰ প্ৰাৰম্ভিক পদক্ষেপ। আহোম ৰাজত্বৰ লগতে অসমৰ প্ৰত্নতাত্বিক সমলসমূহৰ সংৰক্ষণ আৰু গৱেষণা তথা কলা-সংস্কৃতিৰ সংবৰ্ধনৰ দিশত এই মিউজিয়াম ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।

আৰু পঢ়িব পাৰিব : গৰিয়া-মৰীয়াৰ উন্নয়ন পৰিষদ গঠন আৰু সুকীয়া জৰীপৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ

উক্ত মিউজিয়ামৰ বাবে ভূমি লাভৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত নিৰ্মাণ পৰিকল্পনা অচিৰে আৰম্ভ কৰা হ’ব বুলি কেন্দ্ৰীয় পূৰাতত্ত্ব বিভাগৰ শীৰ্ষ বিষয়াই জানিব দিছে।আজিৰ ভূমি হস্তান্তৰ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উপৰি ৰাজ্যিক মন্ত্ৰী যোগেন মহন, জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈ,কেন্দ্ৰীয় পূৰাতত্ত্ব বিভাগৰ উপ সঞ্চালক নৱজিৎ দেউৰী, শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশী, সমাজ সেৱিকা সুৰভী ৰাজকুঁৱৰী আদি উপস্থিত থাকে।

Show More

Related Articles

Back to top button