spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeআঞ্চলিকঅ’এনজিচিৰ তৈলখাদত উদ্ধাৰ নৰকংকাল, মৃতদেহ চিনাক্ত

অ’এনজিচিৰ তৈলখাদত উদ্ধাৰ নৰকংকাল, মৃতদেহ চিনাক্ত

শিৱসাগৰ: শিৱসাগৰৰ নাজিৰা গেলেকী হাটখোলাত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। অ’এনজিচিৰ এটা তৈলখাদৰ পৰা আজি এজন পুৰুষৰ নৰকংকাল উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ৷ জানিব পৰা মতে তৈলখাদটোত শ্ৰমিকে পকী পিলাৰৰ বাবে গাঁত খান্দি থকা অৱস্থাত উদ্ধাৰ হয় নৰকংকালটো।

উল্লেখ্য যে, হাটখোলাৰ অচ্যুৎ দত্ত নামৰ এজন যুৱক ২০১৩ বৰ্ষৰ পৰা সন্ধানহীন হৈ আছিল৷ উদ্ধাৰ হোৱা নৰকংকালটো পৰিয়ালৰ লোকে অচ্যুৎ দত্তৰ বুলি দাবী কৰিছে৷ এই সন্দৰ্ভত গেলেকী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

অচ্যুৎ দত্তৰ পৰিয়ালে নিৰুদিষ্ট হোৱা সম্পৰ্কত আৰক্ষীক এজাহাৰ দিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে কেইজনমান যুৱকক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular