spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকবিচাৰিছিল ধনী হোৱাৰ চমু বাট, পিছে হ'লগৈ ৰঙাঘৰৰ আলহী, ঘটনা কি?

বিচাৰিছিল ধনী হোৱাৰ চমু বাট, পিছে হ’লগৈ ৰঙাঘৰৰ আলহী, ঘটনা কি?

শিৱসাগৰ : ধনী হোৱাৰ চমু বাট বিচাৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিৱসাগৰত দেওবাৰে গুপ্তধনৰ সন্ধান কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ৬জন লোক৷ বেতবাৰী ২ নং চুমনি গাঁৱত গুপ্তধনৰ সন্ধানত নমা ছজনকৈ লোক শিৱসাগৰ আৰক্ষীৰ জালত পৰিল৷

মাটিৰ তলৰ গুপ্ত ধনৰ সন্ধানত নামি সদৰ থানাৰ আলহী হ’ল তিলেশ্বৰ হীৰা (তেজপুৰ), ভাস্কৰ গগৈ (শিৱসাগৰ),সোণটো শেনছোৱা (শিৱসাগৰ), দীন চাংমাই (শিৱসাগৰ), বাবুল কোঁৱৰ (শিৱসাগৰ) আৰু ভবেন গগৈ (আমগুৰি দেওৰজা)। গুপ্তধনৰ সন্ধানকাৰী দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা মেটেল ডিটেক্টৰ আৰু বেজালী কৰা সা-সামগ্ৰী৷

ইয়াৰ উপৰি তেওঁলোকৰ পৰা জব্দ কৰিছে তিনিখন বাহন। নম্বৰ প্লেটবিহীন এখন য়ামাহা এফ জেড বাইক, এখন হোণ্ডা ডিঅ’ আৰু AS 04 R 6208 নম্বৰৰ এখন হিৰ’ মেছট্ৰ’ দলটোৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে। কৰায়ত্ব কৰা দলটোক আৰক্ষীয়ে সদৰ আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular