spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকসুৰাসক্ত আৰক্ষীৰ জোৱানৰ গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত যুৱক

সুৰাসক্ত আৰক্ষীৰ জোৱানৰ গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত যুৱক

শিৱসাগৰ : সুৰাসক্ত অসম আৰক্ষীৰ জোৱানৰ গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত হয় এজন যুৱক ৷
শিৱসাগৰৰ ২ নং মঠাদাঙত আজি এক বাইক-ৱেগ’নাৰৰ সংঘৰ্ষ সংঘটিত হয়৷ AS 01 BD 5730 নম্বৰৰ ৱেগ’নাৰ আৰোহী প্ৰদীপ দাস নামৰ আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত AS 04 T 1765 নম্বৰৰ হিৰ’ এছিভাৰ ১৫০ বাইক আৰোহী নৱজ্যোতি ফুকন নামৰ যুৱকজন৷

সুৰামত্ত আৰক্ষী জোৱানজনে ৰৈ থকা অৱস্থাত নৱজ্যোতি ফুকনক খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো৷ ইফালে দুৰ্ঘটনাতো সংঘটিত কৰি আৰক্ষী জোৱানজনে পলায়নৰ চেষ্টা চলাই যদিও ৰাইজে খেদি খেদি কৰায়ত্ব কৰে আৰক্ষী জোৱানজনক৷ ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰক্ষী জোৱানজনক৷

দূৰ্ঘটনা সংঘটিত কৰা ৱেগ’নাৰৰ পৰা সুৰাৰ বটল, আৰক্ষী বিভাগৰ বেল্ট, টুপী উদ্ধাৰ হৈছে৷ প্ৰদীপ দাস নামৰ আৰক্ষী জোৱানজন লিগিৰীপুখুৰীস্থিত APBNত কৰ্মৰত বুলি জানিব পৰা গৈছে৷ আনহাতে গুৰুতৰভাৱে আহত নৱজ্যোতি ফুকনক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular