spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিককিয় ব্যতিক্ৰম শিৱসাগৰৰ এইখন চৰকাৰী বিদ্যালয়...

কিয় ব্যতিক্ৰম শিৱসাগৰৰ এইখন চৰকাৰী বিদ্যালয়…

শিৱসাগৰ : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সমান্তৰালকৈ বৰ্তমান চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহেও এতিয়া ক্ৰমাৎ আগবাঢ়ি যাবলৈ সক্ষম হোৱা হৈছে। শিৱসাগৰ জিলাৰ বকতাৰ চৰকাৰী খণ্ডৰ পশ্চিম বস্তি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত আন্তঃগাঁঠনি ব্যক্তিগত বিদ্যালয়ৰ সমান্তৰালভাৱে বহু উন্নত মানদণ্ডৰে বিদ্যালয়খন পৰিচালনা কৰিছে ৷

এটা কম্পিউটাৰ শ্ৰেণীকক্ষৰ লগতে, আটকধুনীয়াকৈ সজাই তুলিছে ‘ক’ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা শ্ৰেণীকোঠাৰ ৷ যি সময়ত কৰ’না মহামাৰিৰ বাবে প্ৰায় ২ বছৰ বিদ্যালয় বন্ধ হৈ আছিল, তেনে সময়তে শিৱসাগৰৰ খেলুৱা শিক্ষা খণ্ডৰ বকতা মণ্ডল সমল কেন্দ্ৰৰ পশ্চিম বস্তি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত এটা আছুতিয়া চিকিৎসা সেৱা কোঠা বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰবীন ফুকনৰ আৰু চিআৰচিচি জুবেদ আলিৰ নিজা প্ৰচেষ্টাত স্থাপন কৰে।

কোনোধৰণৰ চৰকাৰী অনুদান নোহোৱাকৈ বিদ্যালয়খনত উদ্বোধন কৰা হয় এই আছুতিয়া চিকিৎসা সেৱা কোঠাটি। এই আছুতিয়া চিকিৎসা সেৱা কোঠাটি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আকস্মিক দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি স্থাপন কৰা হৈছে৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এখন বিচনা জৰুৰী ব্যৱহাৰ কৰিব পৰা ঔষধৰ লগতে বিভিন্ন চিকিৎসালয়ৰ জৰুৰীকালিন যোগাযোগৰ নম্বৰ সংৰক্ষণ কৰিছে ৷

ইয়াৰ সমান্তৰালকৈ এই বিদ্যালয়তেই শিক্ষা বিভাগৰ অনুদানেৰে ষোল্লটাকৈ কম্পিউটাৰ আৰু এটা প্ৰজেক্টৰসহ শ্ৰেণী কক্ষ সংলগ্ন কৰিছে বিদ্যালয়ক প্ৰধান শিক্ষকৰ লগতে সহ-শিক্ষকে ৷ বিদ্যালয়খনত বিদ্যাতনিক আৰু সহঃবিদ্যাতনিক দুয়োদিশৰ উন্নতিৰ বাবে বিদ্যালয়ৰসমূহ শিক্ষক-শিক্ষয়িত্ৰী প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular