spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকঅসমলৈ আন এক ‍উপহাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ !

অসমলৈ আন এক ‍উপহাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ !

গুৱাহাটী : অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় হ’ব এইবাৰ অসমত৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ অসমলৈ আন এক ‍উপহাৰ৷ নয়দাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ হ’ব অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়৷ আজি এই কথা উত্তৰ গুৱাহাটীত ঘোষণা কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ পেট্ৰ’লিয়ামৰ দায়িত্ব লাভ কৰি গৌৰৱবোধ মন্ত্ৰীগৰাকীৰ৷

উত্তৰ গুৱাহাটীৰ ‘SKILL DEVELOPMENT INSTITUTE’ ত বৰ্তমান ১৬ টা পাঠ্যক্ৰম আছে যদিও অনাগত দুবছৰত আৰু ৪ টা নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ পোষকতা মন্ত্ৰীগৰাকীৰ৷ নতুন পাঠ্যক্ৰমে যুৱক-যুৱতীক আত্মসংস্থাপনৰ পথ মুকলি কৰিব বুলি মতপোষণ তেলীৰ। ২০১৭ চনতে স্থাপিত প্ৰতিষ্ঠানটোত শিক্ষা লৈ ইতিমধ্যে ৩,০০০ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক লাখ যুৱক-যুৱতীক সংস্থাপন কৰাৰ যি লক্ষ্য সেয়া কৌশল বিকাশ কেন্দ্ৰৰ দ্বাৰাও সহায়ক হ’ব বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
26 °
Fri
28 °
Sat
29 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular