ছ’চিয়েল মিডিয়াত ভাইৰেল আলিয়াৰ কান্দোন : ৯৫ শতাংশই ডিছলাইক

মুম্বাই : বলীউডৰ নতুন ছবি চড়ক-২ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে ৯৫শতাংশই ডিছলাইক প্ৰদান কৰিছে৷ সৰ্বত্ৰে অভিনেত্ৰী আলিয়া ভাটৰ ছবি বয়কট কৰাৰ দাবী জনাইছে। ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত হৈছে ট্ৰ’ল। উঠিছে বয়কটৰ দাবী। আনকি এতিয়া ইউটিউবত ছবিখনৰ ট্ৰেইলাৰত লাইকতকৈ বাঢ়িল ডিছলাইকৰ সংখ্যা। অহা ২৮ আগষ্টত মুক্তিলাভ কৰিব চড়ক-২।

আৰু পঢ়িব পাৰিব: স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰি পলাল ক’ভিড আক্ৰান্ত, নগাঁৱত চাঞ্চল্য

১৯৯১ চনৰ ছুপাৰহিট ছবি ‘চড়ক’ৰ চিকুৱেল হ’ল চড়ক-২। ছবিখনত অভিনয় কৰিছে সঞ্জয় দত্ত, আলিয়া ভাট, আদিত্য ৰয় কাপুৰ আদিৰ দৰে শিল্পীয়ে। কিন্তু ছবিখন মুক্তিৰ পূৰ্বেই এতিয়া শলঠেকত পৰিছে প্ৰয়োজক-পৰিচালক মহেশ ভাট। ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পাছতে ব্যাপকভাৱে ট্ৰ’ল হৈছে ছ’চিয়েল মিডিয়াত।

আৰু পঢ়িব পাৰিব: ১৫ আগষ্টত পতাকা উত্তোলন কৰি এক ৰেকৰ্ড গঢ়িব প্ৰধানমন্ত্ৰী মোদীয়ে

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে বলীউডৰ বহু ভিতৰুৱা কথা পোহৰলৈ আহিছে। বলীউডৰ ভিতৰচ’ৰাৰ স্বজন-তোষণ নীতি, মহেশ ভাটৰ সৈতে সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ সম্পৰ্ক আদি বিভিন্ন কথা-বতৰাৰে গৰম হৈ আছে বলীউড। এতিয়া ইয়াৰ প্ৰভাৱেই ছবিখনৰ ওপৰত পৰিছে বুলি দাবী কৰিছে বহুতে। ছবিখনৰ ট্ৰেইলাৰ ৰিলিজ হোৱা সময়ৰ পৰাই আৰম্ভ হৈছে ট্ৰ’লিং। লকডাউনৰ বাবে যিহেতু ছবিগৃহ বন্ধ গতিকে ছবিখন মুক্তি দিয়া হ’ব হটষ্টাৰত।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES