spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeব্ৰেকিং নিউজবিপিন ৰাৱটলৈ শ্ৰদ্ধা জনাই জন্মদিন পালন নকৰাৰ সিদ্ধান্ত ছোনিয়াৰ

বিপিন ৰাৱটলৈ শ্ৰদ্ধা জনাই জন্মদিন পালন নকৰাৰ সিদ্ধান্ত ছোনিয়াৰ

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা সভানেত্ৰী ছোনিয়া গান্ধীৰ আজি ৭৫বছৰীয়া জন্মদিন৷ দেশজুৰি শোকৰ ছাঁ পৰা তামিলনাডুৰ হেলিকপ্টাৰৰ দুৰ্ঘটনাৰ পাছতে জন্মদিন পালন নকৰাৰ কথা ব্যক্ত কৰে কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে৷ বুধবাৰে শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত সেনাপ্ৰধান বিপিন ৰাৱটসহ ১৩জন লোকৰ মৃত্যু হয়৷

৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা ছোনিয়া গান্ধীৰ জন্মদিন পালন নকৰাৰ সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক কেচি ভেনুগোপালে বুধবাৰে কয়, “কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে কাইলৈ জন্মদিন পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লগতে দলীয় কৰ্মীসকলকো জন্মদিনৰ কোনো কাৰ্যসূচী পালন নকৰিবলৈ আহ্বান জনায়৷ জানিব পৰা মতে দুৰ্ঘটনাটোৰ পূৰ্বৰে পৰা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জন্মদিন উপলক্ষে বহু আয়োজন কৰিছিল যদিও এই শোকাৱহ ঘটনাৰ পাছতে ছোনিয়াৰ নিৰ্দেশত সকলো কাৰ্যসূচী বাতিল কৰে৷

১৯৪৬চনৰ ৯ ডিচেম্বৰত জন্ম লাভ কৰিছিল কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে৷ এটা ৰাজনৈতিক পৰিবেশতে ডাঙৰ-দীঘল হোৱা কংগ্ৰেছ নেত্ৰীগৰাকী এটা দলৰ মুখ্য পদত বহু দীঘলীয়া সময় ধৰি অধিস্থিত হৈ আছে৷ লগতে লোকসভা সাংসদ মানিকম ঠাকুৰে জনাই যে ‘সাহসী জেনেৰেলৰ প্রতি শ্রদ্ধাৰ চিহ্ন’ হিচাপে এই উদযাপন বাতিল কৰা হৈছে। টুইটাৰযোগে কয় যে কংগ্ৰেছ সভানেত্ৰী কিমান সংবেদনশীল তাৰ এক উদাহৰণ দেখা গ’ল৷ সাহসী জেনেৰেল চিডিএছ বিপিন ৰাৱটৰ প্রতি শ্রদ্ধা আৰু সম্মান দেখাই কংগ্রেছ দলে জন্মদিন উদযাপন বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular