spot_img
30 C
Guwahati
Tuesday, September 21, 2021
spot_img
Homeআঞ্চলিকসাগৰমালা প্ৰকল্প : কি কি হ'ব অন্তৰ্ভুক্ত?

সাগৰমালা প্ৰকল্প : কি কি হ’ব অন্তৰ্ভুক্ত?

গুৱাহাটী: খানাপাৰা ষ্টাফ কলেজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয় ‘সাগৰমালা সন্মিলন’। এই সন্মিলনত সাগৰমালা প্ৰকল্পৰ ওপৰত আলোচনা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ লগত জল পৰিবহণ ব্যৱস্থা উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কৰা হয়।

এই প্ৰকল্প প্ৰদূষণ আৰু দুৰ্ঘটনা ৰোধৰ উপায় হ’ব পাৰে। সন্মিলনত NERৰ বহুসংখ্যক অংশদাৰীয়ে অংশগ্ৰহণ কৰে। সন্মিলনত জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক উপস্থিত থাকে। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু ছিকিমৰো কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশৰ উন্নয়ন ত্বৰান্বিত হৈছে বুলি এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়৷ ইতিমধ্যে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ভগৱান প্ৰদত্ত জলপথৰ। উত্তৰণৰ জলপথৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা হৈছে ‘সাগৰমালা আঁচনি’। লগতে বুজাবুজিৰ চুক্তি সম্পাদন কৰা হৈছে বাংলাদেশৰ সৈতে। দেশৰ অষ্টলক্ষ্মী খ্যত NEৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা হৈছে প্ৰয়োজনীয় পদক্ষেপ। নাগালেণ্ডত উৎপাদিত কফিয়ে দখল কৰিছে বিশ্বৰ বজাৰ। মেঘালয়ৰ কাজু, অসমৰ ভোট জলকীয়া, কলা চাউলে বিশ্বৰ বজাৰ দখলৰ দিশে আগবাঢ়িছে৷ দক্ষতা বিকাশৰ প্ৰতিষ্ঠান খোলাৰ ববে গ্ৰহণ কৰা হৈছে পৰিকল্পনা।

NE ৰ সম্ভাৱনাৰ দুৱাৰ ৰাষ্ট্ৰীয় জলপথে মুকলি কৰিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই৷ নিবনুৱা সমস্যা সমাধানৰ পথ মুকলি কৰিছে এই সন্মিলনে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
28.4 °
74 %
0kmh
75 %
Tue
31 °
Wed
28 °
Thu
31 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular